চিটাৰা ডেস্ক, 4 ফেব্ৰুৱাৰী : ৰাজস্থানৰ জয়সালমেৰত বলীউড তাৰকা যুটি সিদ্ধাৰ্থ মালহোত্ৰা আৰু কিয়াৰা আদৱানী বিবাহপাশত আবদ্ধ হ’বলৈ সাজু হৈছে ৷ 5 ফেব্ৰুৱাৰীত সিদ্ধাৰ্থ-কিয়াৰাই বিবাহ স্থানত উপস্থিত হোৱাৰ বিপৰীতে পৰিয়ালবৰ্গ তথা সকলো ঘনিষ্ঠ বন্ধু-বান্ধৱী এদিন আগতে অৰ্থাৎ 4 ফেব্ৰুৱাৰীত জয়সালমেৰত উপস্থিত হ’ব । 150 জনীয়া আমন্ত্ৰিত অতিথিৰ তালিকাত কেটৰিণা কাইফ, বিকী কৌশলকে ধৰি ছলমানৰো নাম অন্তৰ্ভুক্ত আছে বুলি জানিব পৰা গৈছে ৷
প্ৰতিবেদন অনুসৰি, অতিথিৰ তালিকাত প্ৰায় 150 জন সদস্য অন্তৰ্ভুক্ত আছে, যাৰ ভিতৰত ছবি জগতৰ কিছু সংখ্যক তাৰকায়ো এই হাই-প্ৰফাইল বিয়াখনত অংশগ্ৰহণ কৰিব (Sidharth Malhotra Kiara Advani wedding)। জয়সালমেৰৰ পৰা প্ৰায় 16 কিলোমিটাৰ দূৰত অৱস্থিত সূৰ্যগড় পেলেচ হোটেলত সিদ্ধাৰ্থ আৰু কিয়াৰাৰ বিয়াৰ প্ৰস্তুতি পূৰ্ণগতিত চলি আছে ।
সিদ্ধাৰ্থ আৰু কিয়াৰাই এতিয়াও বিয়াৰ বাতৰি সন্দৰ্ভত একো নিশ্চিত মন্তব্য কৰা নাই যদিও এতিয়ালৈকে পোৱা খবৰ অনুসৰি এই দম্পতীহালে চলচ্চিত্ৰ উদ্যোগটোৰ ঘনিষ্ঠ বন্ধুসকলক তেওঁলোকৰ বিয়ালৈ নিমন্ত্ৰণ কৰিছে । প্ৰচাৰ হৈ থকা বাতৰিসমূহৰ মতে পৰিয়ালৰ লোকৰ বাহিৰেও কৰণ জোহৰ, শ্বাহিদ কাপুৰ, কেটৰিণা আৰু বিকী কৌশল, ফেশ্বন ডিজাইনাৰ মনীষ মালহোত্ৰা আৰু মুকেশ আম্বানীৰ কন্যা ঈশা আম্বানীৰ দৰে চেলেব্ৰিটী সকলক নিমন্ত্ৰণ জনোৱা হৈছে । কিয়াৰাৰ সৈতে ভাল সম্পৰ্ক থকা ছলমান খানেও ৰাজস্থানত অনুষ্ঠিত হ’বলগীয়া এই বিয়াখনত অংশগ্ৰহণ কৰাৰ সম্ভাৱনা আছে ।