অসম

assam

ETV Bharat / entertainment

শান্তনু হাজৰিকাৰ সৈতে বিবাহৰ খবৰত কি ক’লে শ্ৰুতি হাছানে ? - শ্ৰুতি হাছানৰ বিয়া

Shruti Haasan Reaction: হঠাৎ চৰ্চাত শ্ৰুতি হাছান । শেহতীয়াকৈ প্ৰেমিক শান্তনুৰ সৈতে গোপনে বিবাহপাশত আৱদ্ধ হোৱা বুলি বাতৰি বিয়পি পৰিছিল ৷ এতিয়া এই সন্দৰ্ভত অভিনেত্ৰীগৰাকীয়ে প্ৰকাশ কৰিছে নিজৰ প্ৰতিক্ৰিয়া ।

Shruti Haasan denies being married to Shantanu Hazarika
শ্ৰুতি হাছানৰ বিয়াৰ বাতৰি

By ETV Bharat Assamese Team

Published : Dec 27, 2023, 5:58 PM IST

চিটাৰা ডেস্ক, 27 ডিচেম্বৰ: দক্ষিণৰ জনপ্ৰিয় অভিনেত্ৰী শ্ৰুতি হাছানে বৰ্তমান তেওঁৰ ছবি ছালাৰৰ বাবে বাতৰিৰ শিৰোনাম দখল কৰিছে । ছবিখনত প্ৰভাসৰ বিপৰীতে দেখা গৈছে অভিনেত্ৰীগৰাকীক । কিন্তু পেছাগত দিশৰ লগতে নিজৰ ব্যক্তিগত জীৱনক লৈও বাতৰিৰ মাজলৈ আহিছে অভিনেত্ৰীগৰাকী । আচলতে চেলিব্ৰিটিৰ প্ৰিয় অৰীৰ এটা পোষ্টৰ পিচতে শ্ৰুতিয়ে গোপনে বিয়া হোৱা বুলি খবৰ বিয়পি পৰিছিল । কিন্তু এতিয়া বিয়াৰ খবৰত মৌনতা ভংগ কৰিছে খোদ অভিনেত্ৰীগৰাকীয়ে ।

শ্ৰুতি হাছান পোষ্ট

অৰীয়ে কি পোষ্ট কৰিছিল ?

আচলতে অৰীয়ে নিজৰ পোষ্টটোত শ্ৰুতিৰ প্ৰেমিক শান্তনুক স্বামী বুলি ঘোষণা অভিহিত কৰিছিল ৷ ইয়াৰ পিচতে জুইৰ দৰে ছ’চিয়েল মিডিয়াত এই খবৰ বিয়পি পৰিছিল যে অভিনেত্ৰীগৰাকীয়ে গোপনে বিবাহপাশত আৱদ্ধ হৈছে । কিন্তু এতিয়া এই খবৰত নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে শ্ৰুতিয়ে ।

শ্ৰুতিয়ে নিজৰ বিয়াক লৈ কি ক’লে ?

শ্ৰুতিয়ে নিজৰ ইনষ্টাগ্ৰাম ষ্ট’ৰীত এটা পোষ্ট শ্বেয়াৰ কৰিছে, য’ত লিখিছে,‘‘মোৰ এতিয়াও বিয়া হোৱা নাই, মই অবিবাহিত । মই এনেকুৱা এগৰাকী ব্যক্তি যিয়ে প্ৰায়ে সকলো কথা মুকলিকৈ কৈ আহিছো, গতিকে এইটো লুকুৱাই ৰখাৰ কি কথা হ’ল ? কিয় লুকুৱাই ৰাখিম বাৰু ? ইয়াত লুকুৱাই ৰখাৰ দৰে কি আছে ?’’ ইয়াৰ উপৰিও অসম সন্তান তথা প্ৰেমিক শান্তনুৱেও ইনষ্টা ষ্ট’ৰীত এটা পোষ্ট শ্বেয়াৰ কৰি এই খবৰ নাকচ কৰিছে । লগতে এনে খবৰ প্ৰচাৰ নকৰিবলৈও আবেদন জনায় শান্তনুৱে ।

অৰীয়ে নিজৰ পোষ্টটোত কি কৈছিল

উল্লেখ্য যে, অৰীয়ে এটা পোষ্ট শ্বেয়াৰ কৰিছিল । সেই পোষ্টটোত তেওঁ শ্ৰুতি হাছানৰ স্বভাৱৰ বিষয়ে কৈছিল । পোষ্টটোত অৰীয়ে লিখিছিল যে, ‘‘মই তেওঁক কেতিয়াও মোৰ সৈতে প'জ দিবলৈ কোৱা নাছিলো । কাৰণ তেওঁ মোক এটা অনুষ্ঠানত বৰ বেয়া ব্যৱহাৰ কৰিছিল আৰু ময়ো তেওঁক সন্মান নকৰো । সেই সময়ত মোৰ বৰ বেয়া লাগিছিল । হয়তো কিছু ভুল বুজাবুজি হৈছিল, যদিও মই তেওঁৰ স্বামীৰ লগত বহুত ভাল ব্যৱহাৰ কৰিছিলোঁ আৰু তেওঁকো প্ৰশংসা কৰিছিলোঁ । অৱশ্যে সময়ৰ লগে লগে এইবোৰ ঠিক হৈ যাব ।’’ অৰীৰ এই মন্তব্যৰ পিচতে ছ’চিয়েল মিডিয়াত দুয়োৰে বিবাহৰ খবৰ বিয়পি পৰিছিল ৷

লগতে পঢ়ক:গোপনে প্ৰেমিক শান্তনুৰ সৈতে বিবাহপাশত আৱদ্ধ হ’ল নেকি শ্ৰুতি হাছান ? অৰীয়ে প্ৰকাশ কৰিলে এই কথা

ABOUT THE AUTHOR

...view details