চিটাৰা ডেস্ক, 13 জুন :বলীউড আৰু ড্ৰাগছ যেন এটা মুদ্ৰাৰ ইপিঠি সিপিঠি ৷ বিগত দুবছৰে ড্ৰাগছৰ গোচৰত বহুতো বলীউডৰ তাৰকাৰ নাম সাঙোৰ খাইছে(Bollywood drugs case) ৷ এতিয়া বলীউডৰ বিখ্যাত অভিনেত্ৰী শ্ৰদ্ধা কাপুৰৰ ভায়েক সিদ্ধান্ত কাপুৰক যোৱা নিশা বেংগালুৰুৰ এখন হোটেলৰ পৰা আৰক্ষীয়ে আটক কৰিছে ড্ৰাগছ সেৱনৰ অভিযোগত (Shraddha Kapoor brother Siddhanth Kapoor) ৷ এটা ৰেভ পাৰ্টিত আৰক্ষীয়ে চলোৱা অভিযানত সিদ্ধান্ত ধৰা পৰে আৰক্ষীৰ জালত ৷ প্ৰাপ্ত তথ্য অনুসৰি ড্ৰাগছ সেৱন কৰা ছয়জন লোকৰ ভিতৰত এজন আছিল সিদ্ধান্ত কাপুৰ ৷
বেংগালুৰু আৰক্ষীয়ে জনোৱা অনুসৰি, সিদ্ধান্তে ৰেভ পাৰ্টিৰ সময়ত ড্ৰাগছ সেৱন কৰি আছিল (Siddhanth kapoor drugs) । তেওঁৰ সৈতে আৰু পাঁচজন লোক জড়িত হৈ আছে । ৰেভ পাৰ্টিটো বেংগালুৰুৰ এমজি ৰোডৰ এখন হোটেলত অনুষ্ঠিত হৈছিল । সিদ্ধান্ত কাপুৰক আৰক্ষীয়ে হাতে লোটে ধৰা পেলাই ।