অসম

assam

ETV Bharat / entertainment

নতুন অসমীয়া ছবি ‘মহাসতী ৰাধিকা’ৰ শুভ মহুৰত সম্পন্ন - New Assamese movie Mahasati Radhika

অসমীয়া ছবি জগতলৈ আন এক সুখৰ ৷ সতী ৰাধিকাৰ জীৱনৰ ভিত্তিত নিৰ্মাণ হ’ব বোলছবি (Assamese movie based on Sati Radhika) ৷ 3 এপ্ৰিলত শুভ মহুৰত হোৱা নতুন অসমীয়া ছবিখনৰ দৃশ্যগ্ৰহণ আগন্তুক এমাহৰ ভিতৰত সম্পূৰ্ণ কৰাৰ পৰিকল্পনা কৰাৰ লগতে সতী ৰাধিকা দিৱসত দিৱসত মুক্তিৰ পৰিকল্পনা কৰিছে টীম ‘মহাসতী ৰাধিকা’ই ৷

Assamese movie based on Sati Radhika
নতুন অসমীয়া ছবি ‘মহাসতী ৰাধিকা’ৰ শুভ মহুৰত সম্পন্ন

By

Published : Apr 3, 2022, 8:13 PM IST

শিৱসাগৰ, 3 এপ্ৰিল: শিৱসাগৰৰ দিচাংমুখত দেওবাৰে শুভ মহুৰত হয় মহাসতী ৰাধিকা নামৰ এখন নতুন অসমীয়া বোলছবিৰ (Assamese movie based on Sati Radhika)। শ্ৰীমন্ত শংকৰদেৱে মহাসতী আখ্যা দি যোৱা সতী ৰাধিকাৰ বৰ্ণিল কাহিনী নিখুঁতভাৱে সমাজৰ আগত ডাঙি ধৰাৰ চেষ্টা চলাইছে টীম ‘মহাসতী ৰাধিকা’ই ৷ আগন্তুক এমাহৰ ভিতৰত বাহিৰৰ দৃশ্যগ্ৰহণ সম্পূৰ্ণ কৰাৰ পৰিকল্পনাৰ কথা জনাইছে পৰিচালকে ৷

নতুন অসমীয়া ছবি ‘মহাসতী ৰাধিকা’ৰ শুভ মহুৰত সম্পন্ন

কাহিনী অনুসৰি সতী ৰাধিকা কৈৱৰ্ত কুলৰ মাছমৰীয়া নদীয়াল পূৰ্ণানন্দৰ পত্নী । বৰদোৱাৰ ওচৰত টেম্বুৱানী জানে প্ৰতিবছৰে বাৰিষা কালত বৰদোৱাবাসীৰ শস্য নষ্ট কৰাৰ বাবে বান্ধ দিবলৈ পৰিকল্পনা কৰা হৈছিল । কেইবাবাৰো চেষ্টা কৰাৰ পিছতো প্ৰৱল সোঁতে সকলো উটুৱাই লৈ যোৱাৰ বাবে স্থানীয় ৰাইজে মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱৰ ওচৰ চাপিছিল ।

গুৰুজনাই এগৰাকী শান্ত, সতী তিৰোতায়ে তিনিকাঠি পলেৰে পানী আনি জানত দিলে এয়া সম্ভৱ বুলি বিধান দিছিল । পূৰ্ণানন্দৰ পত্নী জয়ন্তীয়ে নিজকে সতী বুলি কৈ এই কাম কৰিবলৈ আগবাঢ়ি আহে আৰু তেওঁ তিনিকাঠি পলেৰে টেম্বুৱানী জানত পানী দিয়াৰ পিছত ৰাইজে সেই জানত বান্ধ দিবলৈ সক্ষম হৈছিল । ইয়াৰ পিছত গুৰুজনাই তেওঁক সতী ৰাধিকা নাম প্ৰদান কৰিছিল আৰু টেম্বুৱানী জান শান্তিজান হিচাপে জনাজাত হৈছিল ।

সতী ৰাধিকাৰ এই কাহিনীকে আগত লৈ ‘মহাবাহু ফিল্মচ্’ৰ বেনাৰত শিৱসাগৰৰ যশস্বী নাট্যকৰ্মী পংকজ হাজৰিকাৰ চিত্ৰনাট্য, সংলাপ আৰু পৰিচালনাৰে নিৰ্মাণ হ’ব ‘মহাসতী ৰাধিকা’ (Assamese movie Mahasati Radhika)। দেওবাৰে দিচাংমুখত চিত্ৰগ্ৰহণৰ শুভ মুহুৰত সম্পন্ন কৰা হয় । অমৃত ৰঞ্জন দাস আৰু সুনীল দাসৰ সহ-পৰিচালনা তথা প্ৰভাকৰ কাশ্যপৰ সংগীত পৰিচালনাৰে নিৰ্মাণ হ'বলগীয়া ছবিখন আগন্তুক ১৬ মে’ তথা সতী ৰাধিকা দিৱস(Sati Aai Radhika Smriti Divas)ত মুক্তি দিয়াৰ পৰিকল্পনা কৰা হৈছে ।

লগতে পঢ়ক:সদৌ বুঢ়াগোহাঞি বংশাৱলীৰ ১৩৯ সংখ্যক অধিৱেশনত মুখ্যমন্ত্ৰী

ABOUT THE AUTHOR

...view details