অসম

assam

ETV Bharat / entertainment

নতুন অসমীয়া ছবি অভিমন্যু; কোন কোন এই ছবিত কৰিব অভিনয় ?

New Assamese Film Abhimanyu: গ্ৰাম্য জীৱনৰ এটা প্ৰেম কাহিনীৰে শীঘ্ৰেই আহি আছে নতুন অসমীয়া ছবি 'অভিমন্যু । বৃহস্পতিবাৰে মহানগৰীৰ জ্যোতি চিত্ৰবনত অনুষ্ঠিত হয় নতুন অসমীয়া ছবি 'অভিমন্যু'ৰ শুভ মহুৰত অনুষ্ঠান ।

By ETV Bharat Assamese Team

Published : Jan 5, 2024, 12:00 PM IST

Shooting for New Assamese film Abhimanyu begins
নতুন অসমীয়া ছবি অভিমন্যু

নতুন অসমীয়া ছবি অভিমন্যু

গুৱাহাটী, ৫ জানুৱাৰী :শীঘ্ৰেই আহি আছে নতুন অসমীয়া ছবি ‘অভিমন্যু’ । বৃহস্পতিবাৰে মহানগৰীৰ জ্যোতি চিত্ৰবনত ছবিখনৰ শুভ মহুৰত অনুষ্ঠান অনুষ্ঠিত হয় । ছবনম এণ্টাৰটেইনমেন্টৰ বেনাৰত নিৰ্মিত হ’বলগীয়া নতুন অসমীয়া ছবি অভিমন্যুৰ কাহিনী আৰু পৰিচালনা অচিন্ত শংকৰৰ ।

বৃহস্পতিবাৰে অনুষ্ঠিত হোৱা ছবিখনৰ শুভ মহুৰত অনুষ্ঠানত উপস্থিত থাকে বিশিষ্ট চলচ্চিত্ৰ সমালোচক উৎপল দত্ত, বিশিষ্ট চলচ্চিত্ৰ পৰিচালক মঞ্জুলা বৰা, অভিনেত্ৰী আইমী বৰুৱা আদিকে ধৰি বহু বিশিষ্ট ব্যক্তি । ইফালে ছবিখনৰ মুখ্য চৰিত্ৰত দেখা যাব বিশিষ্ট অভিনেতা কমল লোচন আৰু দীপলিনা ডেকাক

লগতে অভিনয়ত থাকিব বিশিষ্ট অভিনেতা দেৱজিৎ মজুমদাৰ, হিৰণ্য ডেকা, ৰিম্পী দাস, ভাগৱত প্ৰীতম, ৰাজীৱ গোস্বামী, হিমাংশু প্ৰসাদ দাস, চাংকু নিৰঞ্জন নাথ, জলি লস্কৰ, অসীম কৃষ্ণ বৰা, শ্ৰেয়া বৰঠাকুৰ, কৌশিক নাথকে ধৰি বহু ন-পুৰণি কলা-কুশলী । ছবিখনত সংগীত দিব দিগন্ত ভাৰতীৰ । আনহাতে কণ্ঠ নিগৰাব জুবিন গাৰ্গ, পাপন আদিয়ে ।

মূলতঃ গ্ৰাম্য জীৱনৰ এটা প্ৰেম কাহিনীৰ আধাৰত নিৰ্মাণ কৰা হ’ব ছবিখন । ছবিখনৰ একশ্যনত থাকিব দক্ষিণৰ এটা দল । লগতে এটা আইটেম গীতত বিদেশৰ শিল্পীয়ে অভিনয় কৰিব । ইফালে অহা ৮ জানুৱাৰীৰ পৰা অসমৰ লগতে দেশৰ বিভিন্ন স্থানত ছবিখনৰ দৃশ্যগ্ৰহণ কৰা হ’ব । প্ৰায় ৪৫ দিন ধৰি চলিব ছবিখনৰ দৃশ্যগ্ৰহণ । চলিত বৰ্ষৰ শেষৰ ভাগত ছবিখন মুক্তি দিয়াৰ পৰিকল্পনা কৰিছে নিৰ্মাতাই ।

ছবিখনৰ সন্দৰ্ভত মন্তব্য কৰি কণ্ঠশিল্পী তথা ছবিখনৰ মুখ্য অভিনেত্ৰী দীপলিনা ডেকাই কয়, ‘‘২০১৭ চনত মোৰ প্ৰথমখন ছবি মিছন চাইনা মুক্তি লাভ কৰিছিল । সেইখন কৰাৰ সময়তো মোৰ কোনো পৰিকল্পনা নাছিল । তেনেদৰে অভিনয়ৰ পোকটো সোমালে ।

চিনেমাত কাম কৰাৰ যিটো মাদকতা বা সুখ সেইটো অকমান বেলেগ ধৰণৰ হয় । মোৰ জীৱনৰ দ্বিতীয়খন ছবি হ’ব ‘অভিমন্যু’ । মই ভালপোৱা ধৰণৰ এটা চৰিত্ৰ । ৰাইজে আদৰি ল’ব বুলি আশা কৰিছো ।

লগতে পঢ়ক :পুৰুষ সমকামিতাৰ কাহিনীৰ আধাৰত আহি আছে নতুন অসমীয়া ছবি সত্য দ্য ট্ৰুথ

ABOUT THE AUTHOR

...view details