চিটাৰা ডেস্ক, 8 অক্টোবৰ :বিগবছ 13 খ্যাত অভিনেত্ৰী ও গায়িকা শ্বেহনাজ গীলৰ পিতৃ সন্তোখ সিং সুখক ফোন কলৰ জৰিয়তে এজন অজ্ঞাত ব্যক্তিয়ে মৃত্যুৰ ভাবুকি প্ৰদান কৰিছে । ফোন কৰি অজ্ঞাত ব্যক্তিজনে দীপাৱলীৰ পূৰ্বে শ্বেহনাজৰ পিতৃক হত্যা কৰিব বুলি ধম্কি দিয়ে ।
পঞ্জাৱৰ বিয়াছৰ পৰা টাৰন্তনলৈ গৈ থাকোঁতে শ্বেহনাজ গীলৰ দেউতাকে এই ফোনকলটো ৰিচিভ কৰে । প্ৰাপ্ত তথ্য অনুসৰি, ব্যক্তিজনে প্ৰথমে সন্তোখক অভব্য আচৰণ কৰে আৰু তাৰ পিছত দীপাৱলীৰ পূৰ্বেই তেওঁৰ ঘৰত প্ৰৱেশ কৰি হত্যা কৰিম বুলি কয় । ঘটনাৰ পিছতে সন্তোখে আৰক্ষীক এজাহাৰ দাখিল কৰে ।
পঞ্জাৱৰ ৰাজনীতিবিদ সুখক 2021 চনতো হত্যাৰ চেষ্টা চলোৱা হৈছিল । 2021 চনত সন্তোখে ভাৰতীয় জনতা পাৰ্টীত যোগদান কৰে আৰু 25 ডিচেম্বৰত দুজন অচিনাক্ত লোকে তেওঁক আক্ৰমণ কৰে । অভিযুক্ত লোক দুজনে সন্তোখৰ ওপৰত গুলীচালনা কৰিছিল । তেতিয়া খবৰ প্ৰকাশ হৈছিল যে চাৰিটা বন্দুকৰ গুলী সন্তোখৰ গাড়ীত লাগিছিল আৰু তেওঁৰ বন্দুকধাৰীয়ে তেওঁক উদ্ধাৰ কৰিবলৈ লৰালৰিকৈ সোমাই অহাৰ পিছতে অতি সোনকালেই আক্ৰমণকাৰীয়ে পলায়ন কৰে ।