চিটাৰা ডেস্ক, 27 জানুৱাৰী : জীৱনৰ আৰু এটা বছৰ অতিক্ৰম কৰিলে জনপ্ৰিয় চেলেব্ৰিটী শ্বেহনাজ গীলে ৷ শুকুৰবাৰে শ্বেহনাজ গীলে মৰম আৰু সুখৰ মাজেৰে সম্পূৰ্ণ কৰিলে 29 বছৰ (Shehnaaz Gill age) ৷ নিজৰ বিশেষ দিনটোত শ্বেহনাজে তেওঁৰ অনুৰাগীসকলৰ সৈতে এটা বিশেষ ভিডিঅ’ শ্বেয়াৰ কৰিছিল (Shehnaaz Gill instagram) যিয়ে তেওঁৰ জন্মদিন উদযাপনৰ এক আভাস দিছিল । শ্বেহনাজে শ্বেয়াৰ কৰা ভিডিঅ’টোত তেওঁক হোটেলত দেখা গৈছে ৷ হোটেলত তেওঁৰ সৈতে তেওঁৰ দল, পৰিয়াল আৰু বন্ধু-বৰ্গৰ উপস্থিত দুটামান কেক কাটি থকা দেখা গৈছিল ।
অভিনেতা বৰুণ শৰ্মাকো হোটেলত জন্মদিন উদযাপন কৰা দেখা গৈছিল । কেক কটাৰ সময়ত শ্বেহনাজে তেওঁৰ বাবে চৌপাশৰ মানুহে গোৱা জন্মদিনৰ গীতটোৰ সুৰত হাঁহিছিল আৰু নাচিছিল ৷ ছপা চেলোৱাৰ কুৰ্তা পিন্ধা শ্বেহনাজক আগৰ দৰেই ধুনীয়া দেখা গৈছিল । ফূৰ্তিৰে গীলে ভায়েক শ্বেহবাজৰ মুখত কেক লগাইছিল আৰু সিও একে কাম কৰিবলৈ চেষ্টা কৰাৰ সময়ত তাৰ লগত অলপ ঠাট্টা-মস্কৰা কৰিছিল ।
কেক কটাৰ আগমুহূৰ্তত মম নুমুওৱাৰ সময়ত শ্বেহনাজৰ বন্ধুৱে তেওঁক "এটা কামনা কৰক" বুলি কওতে তাৰ উত্তৰত তাৰকাগৰাকীয়ে স্পষ্টভাৱে কয়, "মেইন উইচ নেহি মাংগতি..." ৷ ভিডিঅ'টোৰ অন্তত শ্বেহনাজে কয়, "হেপ্পী বাৰ্থডে টু মি"! গোটেই ভিডিঅ'টো চাই সকলোৱে যথেষ্ট ফূৰ্তি কৰা যেন অনুমান হয় । ভিডিঅ'টোৰ কেপছনত লিখা আছে, "এ ইয়েৰ অ’ল্ডাৰ... হেপ্পী বাৰ্থডে টু মি ! #ধন্য #কৃতজ্ঞতা"।