চিটাৰা ডেস্ক, 10 অক্টোবৰ:বিগ বছ খণ্ড ১৩ৰ পৰা লাইমলাইটলৈ আহিছিল শ্বেহনাজ গিল ৷ চলিত বৰ্ষৰ আৰম্ভণিতে ছলমান খান অভিনীত ছবি কিচি কা ভাই কিচি কি জান ছবিৰে বলীউডত অভিষেক ঘটোৱা অভিনেত্ৰী শ্বেহনাজ গিলক শেহতীয়াকৈ ‘থেংক ইউ ফৰ কমিং’ ছবিখনত দেখা গৈছিল ৷ ছবিখন মুক্তি পোৱাৰ পিছতে অভিনেত্ৰীগৰাকীক লৈ এক ডাঙৰ খবৰ আহি পৰিছে ৷ দৰাচলতে শ্বেহনাজ গিলক চিকিৎসালয়ত সম্প্ৰতি চিকিৎসাধীন অৱস্থাত আছে ৷ সোমবাৰে নিশা অভিনেত্ৰীগৰাকীয়ে চিকিৎসালয়ত ভৰ্তি হোৱাৰ খবৰ প্ৰকাশ পাইছিল ৷
প্ৰযোজক ৰিয়া কাপুৰ
‘থেংক ইউ ফৰ কমিং’ৰ শিৰোনামত থকা পঞ্জাৱৰ কেটৰিনা অৰ্থাৎ শ্বেহনাজ গিল হঠাতে অসুস্থ হৈ পৰাত কোকিলাবেন হাস্পতালত ভৰ্তি হ’বলগীয়া হয় ৷ সোমবাৰে ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰে এই খবৰ ৷ কেৱল এয়াই নহয়, প্ৰযোজক ৰিয়া কাপুৰেও তেওঁক সাক্ষাৎ কৰিবলৈ গভীৰ নিশা চিকিৎসালয়ত উপস্থিত হয় ৷
শ্বেহনাজ গিলে নিজেই দিলে স্বাস্থ্যৰ আপডেট
ছচিয়েল মিডিয়াত শ্বেহনাজ গিলৰ অসুস্থতাৰ খবৰ অহাৰ লগে লগে তেওঁৰ অনুৰাগীসকল অতিশয় বিচলিত হৈ পৰে ৷ এই কথা দেখি শ্বেহনাজে নিজেই গভীৰ নিশা ইনষ্টাগ্ৰামত লাইভ আহি তেওঁৰ অনুৰাগীৰ সৈতে কথা পাতিছিল আৰু লগতে তেওঁৰ স্বাস্থ্যৰ বিষয়েও আপডেট দিছিল ৷
সেই সময়ত তেওঁ কয় যে, এতিয়া তেওঁ একেবাৰে ভালেই আছে ৷ কেৱল এয়াই নহয়, এই সময়ছোৱাত তেওঁ ক’লে যে কিছু বাহিৰা খাদ্য খোৱাৰ বাবে তেওঁৰ পেটৰ সংক্ৰমণ হৈছে, যাৰ বাবে তেওঁক চিকিৎসালয়ত ভৰ্তি কৰিবলগীয়া হৈছে ৷ লগতে তেওঁ সকলোকে বাহিৰা খাদ্য বৰ্জন কৰিবলৈ পৰামৰ্শ দিয়ে ৷
ইফালে ভিডিঅ’টোত অভিনেত্ৰীগৰাকীৰ এই ভিডিঅ’টো চোৱাৰ পিছত অনুৰাগীসকলে তেওঁৰ আশু আৰোগ্যৰ বাবে প্ৰাৰ্থনা কৰিছে ৷