চিটাৰা ডেস্ক,7 এপ্ৰিল :পাঞ্জাৱৰ গৃহচহৰত নিজৰ পৰিয়ালৰে সৈতে সুন্দৰ সময় অতিবাহিত কৰিছে গায়িকা অভিনেত্ৰী শ্বেহনাজ গীলে (Shehnaaz Kaur Gill) ৷ নিজৰ গৃহ চহৰৰ খেতিপথাৰৰ মাজে মাজে চহা জীৱনৰ আমেজ লৈছে তাৰকা গৰাকীয়ে ৷
চেলৱাৰ কামিজ পৰিধান কৰি পাঞ্জাৱৰ খেতিত ঘূৰি ফুৰা শ্বেহনাজৰ শেহতীয়া ভিডিঅ’টোত অনুৰাগীয়ে বিচাৰি পাইছে 'DDLJ' ৰ অনুভৱ (Shehnaaz Gill latest video) ৷ বুধবাৰে শ্বেহনাজে নিজৰ ইনষ্টাগ্ৰামত শ্বেয়াৰ কৰিছিল এই ভিডিঅ’টো (Shehnaaz Gill instagram) ৷
ভিডিঅ’টোত শ্বেহনাজক ট্ৰেক্টৰ এখনৰ ওপৰত বহি থকা দেখা গৈছে ৷ বেঙুনীয়া আৰু গুলপীয়া ৰঙৰ মিশ্ৰণ থকা এযোৰ চেলৱাৰ কামিজত হাঁহিমুখে থকা শ্বেহনাজক দেখি আনন্দিত হৈ পৰিছে অনুৰাগীসকল ৷ ভিডিঅ’টোত ট্ৰেক্টৰ খনৰ পৰা নামি পথাৰলৈ দৌৰি যোৱা দৃশ্যাংশ এটিও আছে যি দেখি কোনো বোলছবিৰ শ্বুটিং যেন অনুভৱ হয় (Shehnaaz Gill latest updates) ৷ চাওক ভিডিঅ’টো-
শ্বেহনাজৰ সৰলতাই তেওঁৰ জনপ্ৰিয়তাৰ মুখ্য কাৰণ ৷ অতি কম বয়সতে সফলতা অৰ্জন কৰিবলৈ সক্ষম হোৱা শ্বেহনাজৰ অনুৰাগী সদায় তেওঁৰ হকে যিকোনো পৰিস্থিতিতে মাত দিবলৈ প্ৰস্তুত থাকে ৷ প্ৰেমিক বন্ধু সিদ্ধাৰ্থ শুক্লাক অকস্মাতে হেৰুৱাই ভাগি পৰা শ্বেহনাজক সেয়ে সুখত দেখিলে সুখী হৈ পৰে অনুৰাগীসকল ৷
লগতে পঢ়ক:Grammy awards 2022: ভাৰতীয়-আমেৰিকান গায়িকা ফাল্গুনী শ্বাহলৈ গ্ৰেমি বঁটা