চিটাৰা ডেস্ক, ৩ ডিচেম্বৰ: অভিনেত্ৰী শ্বেহনাজ গিল প্ৰায়ে ব্যক্তিগত আৰু পেছাদাৰী জীৱনৰ বাবে বাতৰিৰ শিৰোনামত থাকে । শ্বেহনাজে ‘কিচি কা ভাই কিছি কি জান’ ছবিখনৰ জৰিয়তে বলীউডত আত্মপ্ৰকাশ কৰিছিল । এই ছবিখনত শ্বেহনাজৰ অভিনয়ক সকলোৱে প্ৰশংসা কৰিছে । অৱশ্যে বিগত কিছুদিন ধৰি নিজৰ ব্যক্তিগত জীৱনক লৈ বাতৰিৰ শিৰোনাম দখল কৰি আহিছে শ্বেহনাজে । খবৰ অনুসৰি শ্বেহনাজে গায়ক গুৰু ৰন্ধাৱাক ডেট কৰি আছে । দুয়োকে প্ৰায়ে একেলগে দেখা পোৱা যায় আৰু লগতে ছ’চিয়েল মিডিয়াতো ইগৰাকীয়ে সিগৰাকীৰ সৈতে পোষ্ট শ্বেয়াৰ কৰে ।
শেহতীয়াকৈ, শ্বেহনাজ গিল আৰু গুৰু ৰন্ধাৱাৰ একেলগে মুনৰাইজ মিউজিক ভিডিঅ’ মুকলি হৈছিল, যিটো অনুৰাগীয়ে অতিশয় ভাল পাইছিল । মুনৰাইজৰ সফলতাৰ পিচত আকৌ এবাৰ এই যুটিটোক একেলগে দেখা যাব আন এটা মিউজিক ভিডিঅ’ত ৷ ইতিমধ্যেই শ্বেহনাজ আৰু গুৰুৱে নতুন গীতটিৰ পোষ্টাৰ শ্বেয়াৰ কৰিছে । ইফালে গীতৰ পোষ্টাৰটো শ্বেয়াৰ কৰাৰ পাচতে দুয়োৰে ডেটিঙৰ খবৰ আহিবলৈ আৰম্ভ হৈছে ।
শ্বেহনাজে তেওঁৰ আগন্তুক গীত ছানৰাইজৰ পোষ্টাৰ শ্বেয়াৰ কৰিছে । পোষ্টাৰখন শ্বেয়াৰ কৰি তেওঁ লিখিছে - ‘‘এয়া কেৱল এটা গীত নহয়, বৰঞ্চ এক সুন্দৰ অনুভৱ যিটো আমি একেলগে অনুভৱ কৰো । আপোনালোকৰ মৰমৰ বাবে ধন্যবাদ । মুনৰাইজৰ পিচত ছানৰাইজ হয় ।’’ শ্বেহনাজৰ এই পোষ্টটো লগে লগে ভাইৰেল হৈ পৰে ছ’চিয়েল মিডিয়াত ।