চিটাৰা ডেস্ক, ৫ মাৰ্চ : কাৰাগাৰৰ পৰা মুকলি আকাশৰ তললৈ আহিল টেলিভিছন অভিনেতা শ্বীজান খান ৷ সহ অভিনেত্ৰী তথা প্ৰাক্তন প্ৰেমিকা অভিনেত্ৰী তুনিষা শৰ্মাৰ আত্মহত্যাৰ গোচৰৰ প্ৰধান অভিযুক্ত আছিল অভিনেতা শ্বীজান খান ৷ দেওবাৰে থানেৰ কেন্দ্ৰীয় কাৰাগাৰৰ পৰা জামিনত মুকলি কৰি দিয়া হয় শ্বীজান খানক ।
শনিবাৰে ভাছাই আদালতে শ্বীজানক ১ লাখ টকাৰ জামিন বণ্ডৰ সৈতে জামিনৰ নিৰ্দেশ দিয়া হয় ৷ লগতে অভিনেতাজনে যাতে জামিন পোৱাৰ পিচতে দেশৰ পৰা বাহিৰত যাব নোৱাৰে তাৰ বাবে অভিনেতাজনক পাছপ’ৰ্ট জমা দিবলৈ নিৰ্দেশ দিয়া হয় । ইফালে কাৰাগাৰৰ পৰা ওলাই অহাৰ পিচতে শ্বীজানক দুই ভগ্নীয়ে সাৱটি ধৰি আৱেগিক হোৱা দেখা যায় ৷ লগতে শ্বীজানৰ আন কেইবাগৰাকী আত্মীয়ও উপস্থিত থাকে সেই স্থানত ৷
উল্লেখ্য যোৱা বছৰৰ ডিচেম্বৰ মাহত গ্ৰেপ্তাৰ কৰা হৈছিল শ্বীজান খানক ৷ তেতিয়াৰ পৰাই ন্যায়িক জিম্মাত আছিল শ্বীজান। ২০২২ বৰ্ষৰ ২৪ ডিচেম্বৰত পালঘৰৰ বালিভৰ সমীপৰ টিভি ধাৰাবাহিকৰ চেটত চিপ লৈ আত্মহত্যা কৰিছিল অভিনেত্ৰী তুনিষা শৰ্মাই ৷ অভিনেত্ৰীগৰাকীৰ মৃত্যুৰ পিচতে মাতৃ বনিতা শৰ্মাই তুনিষাৰ Co-Star তথা প্ৰেমিক শ্বীজান খানৰ বিৰুদ্ধে কেইবাটাও বিস্ফোৰক অভিযোগ উত্থাপন কৰিছিল (Tunisha Sharma Death Case) ৷
মাতৃয়ে শ্বীজান খানৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰি ৱালিভ আৰক্ষী থানাত দাখিল কৰিছিল এজাহাৰ ৷ আত্মহত্যাত উচটনি দিয়াৰ গোচৰৰ ভিত্তিত ৱালিভ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল অভিনেতা শ্বীজান খানক ৷ যোৱা মাহত ৱালিভ আৰক্ষীয়ে অভিনেত্ৰীগৰাকীৰ আত্মহত্যাৰ গোচৰত শ্বীজানৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰি ভাছাই আদালতত ৫২৪ পৃষ্ঠাযোৰা অভিযোগনামা দাখিল কৰিছিল ।