অসম

assam

ETV Bharat / entertainment

Shark Tank India: পিতৃহাৰা হ’ল শ্বাৰ্ক টেংক ইণ্ডিয়াৰ বিচাৰক অনুপম মিত্তল - শ্বাৰ্ক টেংক ইণ্ডিয়া

শ্বাৰ্ক টেংক ইণ্ডিয়াৰ বিচাৰক তথা শ্বাদি ডট কমৰ প্ৰতিষ্ঠাপক অনুপম মিত্তলৰ পিতৃৰ দেহাৱসান (Anupam Mittals father passes away)।

Shark tank India judge Anupam M1ittals father passes away
অনুপম মিত্তলৰ পিতৃৰ দেহাৱসান

By

Published : May 30, 2023, 1:41 PM IST

চিটাৰা ডেস্ক, 30 মে’: টিভিৰ জনপ্ৰিয় ব্যৱসায়িক অনুষ্ঠান শ্বাৰ্ক টেংক ইণ্ডিয়াৰ বিচাৰক অনুপম মিত্তলৰ ঘৰৰ পৰা আহিছে এক দুখৰ খবৰ । ইহলীলা সম্বৰণ কৰিলে শ্বাদি ডট কমৰ প্ৰতিষ্ঠাপক অনুপম মিত্তলৰ পিতৃয়ে। পিতৃৰ মৃত্যুৰ খবৰ খোদ অনুপমেই দিছে অনুৰাগীক (Anupam Mittals father passes away) ৷ পিতৃৰ মৃত্যুত শোক প্ৰকাশ কৰি অনুপমে এই দুখজনক খবৰ এটা ছ’চিয়েল মিডিয়া পোষ্ট যোগে শ্বেয়াৰ কৰিছে ।

একে সময়তে অনুপমৰ পত্নী আঞ্চলেও তেওঁৰ ইনষ্টা ষ্ট’ৰীত শহুৰেকৰ সৈতে এখন ছবি শ্বেয়াৰ কৰিছে। এই ছবিখন শ্বেয়াৰ কৰি লিখিছে, দেউতা, আপোনাৰ পোহৰ বিলাই ৰাখক ৷ উল্লেখ্য যে, অনুপমৰ পিতৃৰ সৈতে ভাল বণ্ডিং আছিল আৰু তেওঁ নিজৰ কামৰ লগতে পৰিয়ালৰ পোষ্টবোৰো ছ’চিয়েল মিডিয়াত শ্বেয়াৰ কৰিছিল । অনুপমে শ্বাৰ্ক টেংক ইণ্ডিয়াৰ পৰা ভাৰতত স্বীকৃতি লাভ কৰে । এই শ্ব’টোৰ দুয়োটা ছিজনতে তেওঁক দেখা পোৱা গৈছিল (Anupam Mittal Father Death)।

অনুপম মিত্তলে দিল্লীৰ পৰাই স্কুলীয়া শিক্ষা গ্ৰহণ কৰি মেছাচুচেটছৰ বষ্টন কলেজৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰে (Shark tank India judge Anupam Mittal)। ইয়াৰ পিচত তেওঁ অপাৰেচন আৰু ষ্ট্ৰেটেজিক মেনেজমেণ্টত এম বি এ কৰে । পঢ়া-শুনাৰ অন্তত অনুপমে মাইক্ৰ’ ষ্ট্ৰেটেজি কোম্পানীত প্ৰডাক্ট মেনেজাৰ হিচাপে কৰ্মজীৱন আৰম্ভ কৰে । ইয়াৰ পিচত ১৯৯৭ চনত তেওঁ এংগেজমেণ্ট ডটৰ ভেটি স্থাপন কৰে, যিটো আজি শ্বাদি ডট কম নামেৰে জনাজাত (Shark Tank India Judge Anupam Mittal)।

একে সময়তে ২০০৬ চনৰ পৰা ২০০৭ চনলৈ ভাৰতীয় ইণ্টাৰনেট এণ্ড মোবাইল এছ’চিয়েশ্যনৰ অধ্যক্ষ আছিল তেওঁ । একে সময়তে ২০০৭ চনত তেওঁ মাকান ডট কম আৰম্ভ কৰে । ইয়াৰ পিচত ২০২১ চনত তেওঁক টিভি শ্ব’ শ্বাৰ্ক টেংক ইণ্ডিয়া ছিজন ১ আৰু ছিজন ২ (২০২৩)ত বিচাৰক হিচাপে দেখা পোৱা গৈছিল ।

লগতে পঢ়ক:Vaibhavi Upadhyaya: বাগদত্তা বৈভৱী উপাধ্যায়ক স্মৰণ কৰি আৱেগিক হৈ পৰিল জয় গান্ধী

ABOUT THE AUTHOR

...view details