অসম

assam

By

Published : Mar 20, 2023, 9:13 PM IST

ETV Bharat / entertainment

Tooth Pari series: শান্তনু আৰু তন্যাৰ অভিনীত ভেম্পায়াৰ ধাৰাবাহিক টুথ পাৰিৰ প্ৰমো ভিডিঅ’ মুকলি

আপুনি ভেম্পায়াৰৰ ধাৰাবাহিক চাই ভাল পাই নেকি ? তেতিয়াহ’লে এই প্ৰতিবেদন আপোনাৰ বাবে ৷ আহি আছে অভিনেতা শান্তনু মহেশ্বৰী আৰু অভিনেত্ৰী তনয়া মণিকতলাৰ নতুন ধাৰাবাহিক ‘টুথ পাৰি’ ৷ সবিশেষ জানিবলৈ পঢ়ক এই প্ৰতিবেদন ৷

Shantanu Maheshwari and Tanya Maniktala's new series titled 'Tooth Pari', first look out
টুথ পাৰিৰ প্ৰমো ভিডিঅ’ মুকলি

চিটাৰা ডেস্ক, ২০ মাৰ্চ: টেলিভিছনৰ পৰা যাত্ৰা আৰম্ভ কৰি চলচ্চিত্ৰলৈ নিজৰ বাট মুকলি কৰা অভিনেতা শান্তনু মহেশ্বৰীৰ অভিনীত আগন্তুক ধাৰাবাহিক হৈছে ‘টুথ পাৰি’ (Shantanu Maheshwari) ৷ ‘টুথ পাৰি’ শীৰ্ষক নতুন ধাৰাবাহিকখন অ’টিটি প্লেটফৰ্ম নেটফ্লিক্সত প্ৰিমিয়াৰ হ’ব । সোমবাৰে মুক্তি লাভ কৰিছে ধাৰাবাহিকখনৰ এটা সৰু প্ৰমো ভিডিঅ’ (Tooth Pari series)।

প্ৰমো ভিডিঅ’টিত শান্তনুক দন্ত চিকিৎসকৰ চৰিত্ৰত দেখা গৈছে ৷ ইফালে অভিনেত্ৰী তনয়াক ৰোগীৰ চৰিত্ৰত দেখা পোৱা গৈছে ৷ অৱশ্যে এয়া কোনো সাধাৰণ ৰোগী নহয়, এয়া এগৰাকী তেজ সেৱন কৰা ৰোগী হে ৷ অৰ্থাৎ মানুহৰ তেজ সেৱনকাৰীৰ ৰূপত দেখা পোৱা যায় তনয়াক ৷ ধাৰাবাহিকখনৰ কেচলাইন হৈছে ‘যেতিয়া প্ৰেমে কামোৰে’।

শেহতীয়াকৈ ইনষ্টাগ্ৰামত শান্তনুৱে ধাৰাবাহিকখনৰ পোষ্টাৰ শ্বেয়াৰ কৰি কেপচনত লিখিছে, "এই বিশ্ব মৌখিক পৰিষ্কাৰ-পৰিচ্ছন্নতা দিৱসত, মোৰ ওচৰত এগৰাকী অস্বাভাৱিক ৰোগী আহিছে, নিজৰ হেৰুৱা দাঁতটোৰ চেকআপ কৰিবলৈ আহিছে । মই এই প্ৰেম কাহিনীটো আৰম্ভ কৰিবলৈ অপেক্ষা কৰি আছো ৷ টুথ পাৰি: যেতিয়া প্ৰেমে কামোৰে ২০ এপ্ৰিলত @netflix_in মুক্তি লাভ কৰিব "।

অভিনেতা শান্তনু মহেশ্বৰীৰ পোষ্টটোৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি তনয়াই কমেন্টত লিখিছে, "Wuhooo! Up for the job doc?" ৷" একেখন পোষ্টাৰ শ্বেয়াৰ কৰি তনয়াই কেপচনত লিখিছিল, "আজি বিশ্ব মৌখিক পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ দিন । মোৰ দাঁতটো কতো দেখা পোৱা নাই, যদি আপোনাৰ দাঁত আছে তেন্তে পৰিষ্কাৰকৈ ৰাখক নিজৰ দাঁত । টুথ পাৰি ২০ এপ্ৰিলত @netflix_in মুক্তি লাভ কৰিব আৰু মই আপোনালোক সকলোৱে ধাৰাবাহিকখন চাবলৈ অপেক্ষা কৰি আছো !"

নেটফ্লিক্সে এই ধাৰাবাহিকখনৰ প্ৰথমটো টিজাৰ উন্মোচন কৰিছে । টিজাৰটোত তনয়াক ভেম্পায়াৰৰ চৰিত্ৰত অভিনয় কৰা দেখা যায় । উল্লেখ্য যে, বাংলা পৰিচালক প্ৰতিম দাসগুপ্তই নিৰ্মাণ কৰা "টুথ পাৰি" ধাৰাবাহিকখনত ৰেৱতী, চিকন্দৰ খেৰ, আদিল হুছেইন, টিলোতামা শ্বোমে আৰু সাস্বতা চেটাৰ্জীয়ে গুৰুত্বপূৰ্ণ চৰিত্ৰত অভিনয় কৰিছে । ইফালে শান্তনু অভিনয়ৰ বাদেও নৃত্য দক্ষতাৰ বাবে জনপ্ৰিয় । আলিয়া ভাটৰ বিপৰীতে ‘গংগুবাই কাথিয়াৱাড়ী’ ছবিখনত নিজৰ অভিনয়ৰে দৰ্শকৰ হৃদয় জয় কৰিবলৈ সক্ষম হৈছিল ৷

লগতে পঢ়ক:Vikramaditya Motwanes Jubilee: কেতিয়া মুক্তি লাভ কৰিব বিক্ৰমাদিত্য মটৱানেৰ জুবলী ? জনালে নিৰ্মাতাসকলে

ABOUT THE AUTHOR

...view details