অসম

assam

ETV Bharat / entertainment

Shamshera Twitter review: শ্বমছেৰা চাই ৰণবীৰ কাপুৰৰ প্ৰশংসাত পঞ্চমুখ নেটিজেন

যশ ৰাজ ফিল্মছৰ ছবি শ্বমছেৰাৰ সৈতে ৰূপালী পৰ্দালৈ প্ৰত্যাৱৰ্তন ৰণবীৰ কাপুৰৰ । কৰণ মলহোত্ৰাৰ পৰিচালনাত নিৰ্মিত এই ছবিখন যশ ৰাজ ফিল্মছৰ বাবে হয়তো আশীৰ্বাদ হৈ আহিব পাৰে কিয়নো ছ’চিয়েল মিডিয়াত মুখৰ পৰা মুখলৈকে বিয়পি পৰিছে শ্বমছেৰাৰ প্ৰশংসা ৷

Shamshera Twitter review
দৰ্শকে পছন্দ কৰিছে শ্বমছেৰা

By

Published : Jul 22, 2022, 1:15 PM IST

চিটাৰা ডেস্ক, 22 জুলাই : চাৰি বছৰৰ বিৰতিৰ পিছত ৰণবীৰ কাপুৰ ৰূপালী পৰ্দালৈ ঘূৰি আহিছে আৰু আহিয়েই অভিনেতাগৰাকীয়ে দৰ্শকলৈ বুলি মাৰিলে ছিক্সাৰ ! শ্বমছেৰাৰ মুক্তিৰ পিছতেই টুইটাৰত নেটিজেন লাগি গ’ল ৰণবীৰৰ অভিনয়ৰ প্ৰশংসাত । কৰণ মালহোত্ৰাৰ দ্বাৰা পৰিচালিত এইখন এখন পিৰিয়ড এক্সন ড্ৰামা ৷ নেটিজেনৰ মতে, হিন্দী চলচ্চিত্ৰ নিৰ্মাতাসকলৰ ভিতৰত এতিয়ালৈকে মুক্তি হোৱা ই এখন শালীনতাপূৰ্ণ ছবি ।

শ্বমছেৰাৰ কাহিনীটো কাল্পনিক নগৰ কাজাত সংঘটিত হৈছে, য’ত এটা যোদ্ধা জনগোষ্ঠীক কাৰাগাৰত বন্দী কৰি, দাস প্ৰথা মানি চলিবলৈ কৈ শুদ্ধ সিং নামৰ এজন নিৰ্দয় স্বৈৰাচাৰী সেনাপতিয়ে অত্যাচাৰ চলাই তেওঁলোকৰ ওপৰত । এজন দাস নেতা কেনেদৰে নিজৰ জনগোষ্ঠীৰ বাবে কিংবদন্তি নেতা হৈ পৰে তাৰ কাহিনী শ্বমছেৰা । নিজৰ জনগোষ্ঠীৰ স্বাধীনতা আৰু মৰ্যাদা ৰক্ষাৰ বাবে তেওঁ অদম্যভাৱে যুঁজ কৰে ।

ইয়াৰ পূৰ্বে পৰিচালক কৰণ মলহোত্ৰাই প্ৰকাশ কৰিছিল যে আগন্তুক ছবি শ্বমছেৰাৰ সংগীত সাত মাহত প্ৰস্তুত কৰা হৈছিল । কঠোৰ পৰিশ্ৰমৰ ফল পাইছে তেওঁলোকে কাৰণ চিনেমাখন উপভোগ কৰি উঠাৰ পিছত দৰ্শকসকলে ছবিখনৰ মিউজিক কম্পজাৰ মিথুনক প্ৰশংসা কৰিছে ৷

কৰণৰ দ্বাৰা পৰিচালিত এই এক্সনধৰ্মী ছবিখন আদিত্য চোপ্ৰাৰ যশ ৰাজ ফিল্মছে প্ৰযোজনা কৰিছে আৰু হিন্দী, তামিল আৰু তেলুগু ভাষাত মুক্তি দিয়া হৈছে । ছবিকেইখন YRFৰ বাবে যিমান গুৰুত্বপূৰ্ণ সিমানেই ইয়াৰ মূখ্য চৰিত্ৰ ৰণবীৰৰ বাবেও গুৰুত্বপূৰ্ণ ।

ৰণবীৰ কাপুৰে প্ৰত্যাৱৰ্তন কৰা ছবিখনক লৈ টুইটাৰত হোৱা প্ৰতিক্ৰিয়াৰ কেইটামান আপোনালোকলৈ আগবঢ়ালো :

মিথুনৰ সংগীতক প্ৰশংসা ছবিপ্ৰেমী ৰাইজৰ ।

নেটিজেনে ৰণবীৰৰ অভিনয় শৈলীক প্ৰশংসা কৰিছে ।

কৰণ মলহোত্ৰাৰ ছবিখন হৈছে "এংগেজিং, এণ্টাৰটেইনিং এণ্ড এক্সেলেণ্ট" ৷

লগতে পঢ়ক:ৰণবীৰ আৰু বাণীৰ ফটোৱে দৃষ্টি আকৰ্ষণ কৰিব আপোনাৰো- চাওক ফটো

ABOUT THE AUTHOR

...view details