চিটাৰা ডেস্ক, 24 জুন :সঞ্জুৰ মুক্তিৰ বহু সময়ৰ পিছত ৰণবীৰ কাপুৰ শ্বমছেৰাৰ সৈতে ৰূপালী পৰ্দালৈ উভতি আহিবলৈ সাজু হৈছে । শুকুৰবাৰে মুকলি হ’ল শ্বমছেৰাৰ ট্ৰেইলাৰ (Shamshera trailer) ৷ ট্ৰেইলাৰত ডকাইতৰ ৰূপত আকৰ্ষণীয় দেখাইছে ৰণবীৰ কাপুৰক ।
শ্বমছেৰাত এনে এজন মানুহৰ কাহিনী দেখুওৱা হৈছে যি প্ৰথমে এজন দাস হৈ পৰে, তাৰ পিছত তেওঁ এজন নেতালৈ ৰূপান্তৰিত হয় আৰু নিজৰ বংশৰ লোকসকলৰ বাবে কিংবদন্তি ব্যক্তি হৈ পৰে । তেওঁ তেওঁৰ বংশৰ স্বাধীনতা আৰু সন্মানৰ বাবে অক্লান্ত যুঁজ দিয়ে । শ্বমছেৰা নামৰ এই চৰিত্ৰটোত ৰণবীৰ কাপুৰে শক্তিশালী অভিনয় প্ৰদৰ্শন কৰিছে ৷
স্বাধীনতাৰ পূৰ্বৰ যুগৰ ওপৰত আধাৰিত এই ছবিখনত ডকাইত শ্বমছেৰাৰ একমাত্ৰ উদ্দেশ্য হৈছে এজন নিষ্ঠুৰ আধিপত্যবাদী সেনাপতি শুদ্ধ সিঙৰ বৰ্বৰতাৰ বিৰুদ্ধে যুঁজ দিয়া ৷ শুদ্ধ সিঙৰ চৰিত্ৰ ৰূপায়ন কৰিছে সঞ্জয় দত্তই ৷