চিটাৰা ডেস্ক, 3 ছেপ্টেম্বৰ:বলীউডৰ অভিনেতা শক্তি কাপুৰক মনোৰঞ্জন উদ্যোগৰ অন্যতম শ্ৰেষ্ঠ শিল্পী হিচাপে গণ্য কৰা হয় । এনেকুৱাও এটা সময় আছিল যে, সেই সময়ত নতুন ৰিলিজ হোৱা প্ৰায় প্ৰতিখন ছবিতেই দেখা পোৱা গৈছিল অভিনেতাগৰাকীক । পৰিচালক আৰু প্ৰযোজকৰ লগতে দৰ্শকৰ বাবেও তেওঁ এক প্ৰয়োজনীয়তা হৈ পৰিছিল । কেতিয়াবা যদি খলনায়কৰ চৰিত্ৰত আধিপত্য বিস্তাৰ কৰিছিল, আন কেতিয়াবা আকৌ নিজৰ অনন্য কমেডীৰে অনুৰাগীৰ হৃদয় জয় কৰিছিল ৷ আজি অভিনেতাগৰাকীৰ ৭১ বছৰীয়া জন্মদিন ৷ গতিকে জন্মদিনত অভিনেতাগৰাকীৰ জানো আহক কিছু কথা।
শক্তি কাপুৰৰ নামটো উদ্যোগটোত অতি শ্ৰদ্ধাৰে লোৱা হয় । কেৰিয়াৰৰ আৰম্ভণিত তেওঁ খলনায়কৰ চৰিত্ৰত অভিনয় কৰিছিল আৰু ইয়াৰ পিচত কমিক ৰ’লত অভিনয় কৰি দৰ্শকৰ হৃদয় জয় কৰিছিল ৷ মুঠৰ ওপৰত তেওঁ একেলগে বহু ছবিত কাম কৰিছিল । অভিনেতাগৰাকীয়ে পুনেৰ ভাৰতীয় ফিল্ম এণ্ড টেলিভিছন ইনষ্টিটিউটৰ পৰা অভিনয়ৰ প্ৰশিক্ষণ লৈছিল । ১৯৭৭ চনত ‘কচম খুন কী’ ছবিৰ জৰিয়তে তেওঁ নিজৰ কেৰিয়াৰ আৰম্ভ কৰিছিল ।
আৰম্ভণিতে তেওঁ খলনায়কৰ চাইড ৰ’লত অভিনয় কৰিছিল আৰু এই চৰিত্ৰবোৰৰ জৰিয়তেই তেওঁ নিজৰ এক পৰিচয় বনাবলৈ সক্ষম হৈছিল ৷ ইয়াৰ পিচতে তেওঁ পৰিচালকৰ হৃদয় জয় কৰিবলৈ আৰম্ভ কৰে আৰু তেওঁ ছবিবোৰত মুখ্য খলনায়কৰ চৰিত্ৰত অভিনয়ৰ সুযোগ লাভ কৰে ৷ ইয়াৰ পাচত লাহে লাহে কমেডীতো নিজৰ ভাগ্য নিৰূপন কৰিবলৈ চেষ্টা কৰে ৷