অসম

assam

ETV Bharat / entertainment

অ’টিটিত জৱানে ভংগ কৰিলে আন এক অভিলেখ, আনন্দত কিং খানে ক’লে এই কথা

Jawan OTT: শ্বাহৰুখ খানৰ ছবি ‘জৱান’ এই বছৰৰ সৰ্বাধিক উপাৰ্জনকাৰী ছবি হিচাপে প্ৰমাণিত হৈছে । ছবিগৃহত আলোড়নৰ সৃষ্টি কৰাৰ পিচত এতিয়া ছবিখনে অ’টিটিত এক নতুন অভিলেখ গঢ়িলে ।

By ETV Bharat Assamese Team

Published : Nov 22, 2023, 11:53 AM IST

Shahrukh khans Jawan makes history on Netflix, becomes most-watched film in India
অ’টিটিত এক নতুন অভিলেখ গঢ়িলে জৱানে

চিটাৰা ডেস্ক, 22 নৱেম্বৰ:বলীউডৰ কিং শ্বাহৰুখ খানৰ ‘জৱান’ ছবিখনে বক্স অফিচত ভংগ কৰিছে বহু অভিলেখ । ছবিগৃহত আলোড়নৰ সৃষ্টি কৰাৰ পিচত জৱানে অ’টিটিতো আলোড়নৰ সৃষ্টি কৰিছে । ছুপাৰষ্টাৰগৰাকীৰ ছবিখনে অ’টিটিতো এতিয়া আন এক নতুন অভিলেখ গঢ়িবলৈ সক্ষম হৈছে ।

OTT ত নতুন অভিলেখ

শ্বাহৰুখ খানৰ জন্মদিন উপলক্ষে নেটফ্লিক্সত মুক্তি লাভ কৰিছিল এটলীৰ পৰিচালিত ছবি জৱান । অ’টিটিত মুক্তিৰ কিছুদিন পিচতে এই ছবিখনে ইয়াতো এক নতুন অভিলেখ গঢ়ি তুলিছে । ভাৰতৰ নেটফ্লিক্সত সৰ্বাধিক চোৱা ছবি হিচাপে পৰিগণিত হৈছে ‘জৱান’। হয়, শ্বাহৰুখ খানৰ ‘জৱান’ এতিয়া সৰ্বাধিক চোৱা বলীউডৰ ছবিত পৰিণত হৈছে ।

শ্বাহৰুখ খানৰ প্ৰতিক্ৰিয়া

এতিয়া এই বিষয়ত কিং খানে নিজৰ সুখ প্ৰকাশ কৰিছে । শ্বাহৰুখ খানে কয়, ‘‘জৱান ভাৰতৰ নেটফ্লিক্সত সৰ্বাধিক চোৱা চিনেমা হিচাপে পৰিগণিত হোৱাত সুখ অনুভৱ কৰিছো । অনুৰাগীসকলক ধন্যবাদ জনাইছো । নেটফ্লিক্সৰ দৰ্শকে ছবিখনক যিদৰে ইতিবাচক সঁহাৰি দিছে, সেয়া প্ৰশংসাৰ যোগ্য । জৱান কেৱল এখন চিনেমা নহয় । এয়া এক উদযাপন ।’’

জৱানৰ মুঠ উপাৰ্জন

জৱানৰ মুঠ উপাৰ্জনৰ কথা ক’বলৈ গ’লে ছবিখনে বক্স অফিচত মুঠ ১১৪৩ কোটি টকা উপাৰ্জন কৰিছিল । কেৱল এয়াই নহয়, ২০২৩ চনৰ সৰ্বাধিক উপাৰ্জনকাৰী ছবি হিচাপেও পৰিগণিত হৈছে শ্বাহৰুখ খানৰ জৱান । এতিয়া অনুৰাগীসকল অতিশয় উৎসাহিত হৈ পৰিছে শ্বাহৰুখৰ পৰৱৰ্তী ছবি ‘ডাংকি’ক লৈ । চলিত বৰ্ষৰ ২২ ডিচেম্বৰত ছবিগৃহত মুক্তি পাব এই ছবিখন । এতিয়া প্ৰশ্ন হয় এই ছবিখনে পাঠান আৰু জৱানৰ অভিলেখ ভংগ কৰিব পাৰিব নে ? অৱশ্যে সেয়া ছবিখনৰ মুক্তিৰ পাচত হে ক’ব পৰা যাব ৷

লগতে পঢ়ক:Jawan Release On OTT: শ্বাহৰুখে জন্মদিনত অনুৰাগীক দিলে এক ডাঙৰ উপহাৰ

ABOUT THE AUTHOR

...view details