অসম

assam

ETV Bharat / entertainment

Shah Rukh Khan: অনুৰাগীয়ে সুধিলে 'চিগাৰেট খাবলৈ যাব নেকি ? ধেমেলীয়া সুৰত শ্বাহৰুখ খানে দিলে ইয়াৰ উত্তৰ - Ask Srk চেশ্যন

শেহতীয়াকৈ শ্বাহৰুখ খানে প্ৰায় আধা ঘণ্টা এটা লাইভ চেশ্যন কৰিছিল । ইয়াৰ মাজতে অনুৰাগীসকলে কিং খানক তেওঁৰ ব্যক্তিগত জীৱনৰ বিষয়ে ধেমেলীয়া প্ৰশ্ন কৰে আৰু অভিনেতাগৰাকীয়েও আমোদজনকভাৱে উত্তৰ দিয়ে । গতিকে চাও আহক অনুৰাগী আৰু শ্বাহৰুখ খানৰ মাজৰ এই বাৰ্তালাপ ৷

Shahrukh Khan interesting reply to fan who offer to smoke a cigarette with him
অনুৰাগী আৰু শ্বাহৰুখ খানৰ মাজৰ বাৰ্তালাপ

By

Published : Jun 26, 2023, 11:54 AM IST

চিটাৰা ডেস্ক, 26 জুন: বলীউডৰ কিং শ্বাহৰুখ খানে এই উদ্যোগটোত ৩১ বছৰ সম্পূৰ্ণ কৰিলে । ‘দীৱানা’ ছবিৰ জৰিয়তে কিং খানে বলীউডত আত্মপ্ৰকাশ কৰিছিল ৷ এতিয়া এই বিশেষ ক্ষণত অভিনেতাগৰাকীয়ে টুইটাৰত Ask Srk চেশ্যন অনুষ্ঠিত কৰে । Ask Srk চেশ্যনত অনুৰাগীয়ে তেওঁক এনে কিছুমান প্ৰশ্ন কৰিছিল যাৰ উত্তৰ অভিনেতাগৰাকীয়ে বিশেষ ধৰণেৰে দিছিল ।

শ্বাহৰুখ খানক চিগাৰেট খোৱাৰ অফাৰ দিলে অনুৰাগীয়ে

এই সময়ত এজন অনুৰাগীয়ে শ্বাহৰুখ খানক একেলগে চিগাৰেট খোৱাৰ প্ৰস্তাৱ দিয়ে । এজন অনুৰাগীয়ে টুইট কৰি লিখিছে, ‘একেলগে চিগাৰেট খাবলৈ যাব নেকি ?’ ইয়াৰ উত্তৰত শ্বাহৰুখে লিখিছে, ‘মই মোৰ বেয়া অভ্যাসবোৰ অকলেই কৰো ।’ শ্বাহৰুখৰ এই উত্তৰে অনুৰাগীৰ হৃদয় জয় কৰিবলৈ সক্ষম হয় । অভিনেতাগৰাকীৰ এই টুইট ছ’চিয়েল মিডিয়াত সম্প্ৰতি ভাইৰেল হৈ পৰিছে।

ইয়াৰ বাহিৰেও আন এজন অনুৰাগীয়ে প্ৰশ্ন কৰে, দীৱানাৰ চেটৰ পৰা আপুনি কেতিয়াও পাহৰিব নোৱাৰা তেনেকুৱা কিবা কথা আছে নেকি ? এই সন্দৰ্ভত শ্বাহৰুখে কয়, ‘দিব্য জী আৰু ৰাজ জীৰ সৈতে কাম কৰাৰ অভিজ্ঞতা’।

এজন অনুৰাগীয়ে শ্বাহৰুখক সুধিছিল, ৫৭ বছৰ বয়সত ইমান একচন কেনেকৈ কৰে ? অভিনেতাজনে উত্তৰত লিখিছে- 'ভাই বহুত পেইন কিলাৰ খাব লাগে।' আচলতে শ্বাহৰুখ খানক শেহতীয়াকৈ মুক্তি পোৱা ছবি ‘পাঠান’ত একচন কৰা দেখা গৈছিল ।

শ্বাহৰুখ খানৰ ৱৰ্কফ্ৰন্ট

উল্লেখ্য যে শ্বাহৰুখ খানে ৪ বছৰৰ পাচত পাঠান ছবিৰ জৰিয়তে ডাঙৰ পৰ্দাত পুনৰ উভতি আহিছে । কিন্তু ছবিখন মুক্তিৰ পূৰ্বেই সোমাই পৰিছিল বিতৰ্কৰ আৱৰ্তত ৷ অৱশ্যে ছবিখন মুক্তিৰ পিচত বক্স অফিচত অভিলেখ গঢ়িবলৈ সক্ষম হয় আৰু ছবিখনে অনুৰাগীৰ যথেষ্ট সমাদৰ লাভ কৰে । পাঠানৰ পিচত অতি সোনকালে অভিনেতাগৰাকীক তেওঁৰ পৰৱৰ্তী ছবি জৱানত দেখা পোৱা যাব। এই ছবিখনত শ্বাহৰুখ খানৰ সৈতে মুখ্য চৰিত্ৰত অভিনয় দেখা যাব দক্ষিণৰ জনপ্ৰিয় অভিনেত্ৰী নয়ন্তৰাক । ২০২৩ চনৰ ৭ ছেপ্টেম্বৰত ছবিগৃহত মুক্তি পাব জৱান । ইয়াৰ উপৰিও অভিনেতাগৰাকী আনখন ছবি ‘ডাংকি’ ছবিৰ শ্বুটিঙতো ব্যস্ত ।

লগতে পঢ়ক:Michael Jackson: ১২ জনীয়া চিকিৎসকৰ দলেও ৰক্ষা কৰিব নোৱাৰিলে মাইকেল জেকচনৰ প্ৰাণ

ABOUT THE AUTHOR

...view details