চিটাৰা ডেস্ক, 7 ফেব্ৰুৱাৰী :পাঠানৰ সফলতাইবলীউডৰ উৰ্দ্ধমুখী যাত্ৰাৰ সূচনা কৰে ৷ এক দীঘলীয়া সময় ধৰি বলীউড উদ্যোগটোৱে জনসাধাৰণৰ পৰা অৱহেলাৰ সন্মুখীন হৈ আহিছিল ৷ লগতে সময়ে সময়ে ছ’চিয়েল মিডিয়াত #বয়কটবলীউড ট্ৰেণ্ডে অলপ হ’লেও সকলোকে চিন্তিত কৰি তুলিছিল ৷ কিন্তু এই বছৰটোৰ আৰম্ভণিতে মুক্তি দিয়া পাঠান ছবিখনে বলীউডৰ নক্সাই সলাই দিলে ৷ এই ছবিখনেৰে চাৰি বছৰৰ মূৰত শ্বাহৰুখ খান ছবি জগতলৈ উভতি আহিছে ৷
শ্বাহৰুখৰ অনুৰাগীৰ বাবে ইয়াতকৈ ডাঙৰ কথা আৰু কি হ’ব পাৰে যে যিখন ছবিৰে তেওঁ দীঘলীয়া সময়ৰ মূৰত ছবি জগতলৈ প্ৰত্যাৱৰ্তন কৰিছে সেই ছবিখনে গঢ়িছে ইটোৰ পিছত সিটোকৈ ৰেকৰ্ড ৷ বিভিন্ন পুৰণি অভিলেখ ভংগ কৰা ছবি পাঠানৰ আন এটা মুখ্য আকৰ্ষণ হ’ল ছবিখনত শ্বাহৰুখ আৰু ছলমানে একেলগে অভিনয় কৰিছে ৷ শ্বাহৰুখ-ছলমান যুটিৰ অভিনয় দৰ্শকে সাংঘাতিক পছন্দ কৰিছে ৷ 25 জানুৱাৰীত মুক্তি লাভ কৰা ছবিখন এতিয়াও সগৌৰৱেৰে ছবিগৃহত চলি আছে ৷
শেহতীয়াকৈ দুয়ো খানেই ‘পাঠান’ ছবিখনত একেলগে অভিনয় কৰাৰ কথা মুকলিকৈ প্ৰকাশ কৰিছে (Shahrukh Salman working together in Pathaan ) । ছলমানে কয় যে, "ডাঙৰ পৰ্দাত শ্বাহৰুখ আৰু মোৰ একত্ৰিত হ’বলৈ সদায় এখন বিশেষ ছবিৰ প্ৰয়োজন হয় আৰু মই আনন্দিত যে সেই ছবিখন হৈছে ‘পাঠান’ । আমি যেতিয়া ‘কৰণ অৰ্জুন’ কৰিছিলো তেতিয়াও এই ছবিখন ব্লকবাষ্টাৰ হৈছিল আৰু এতিয়া ৱাই আৰ এফৰ স্পাই ইউনিভাৰ্ছৰ অংশস্বৰূপ পাঠানো ব্লকবাষ্টাৰ হৈ পৰিছে" ।