চিটাৰা ডেস্ক, 24 অক্টোবৰ: আজি দশেৰা উপলক্ষে বলীউডৰ অভিনেতা শ্বাহিদ কাপুৰে অনুৰাগীক দিলে উপহাৰ । ঘোষণা কৰিছে অভিনেতাগৰাকীয়ে তেওঁৰ নতুন ছবি ‘দেৱা’ । ছ’চিয়েল মিডিয়াৰ জৰিয়তে শ্বাহিদে ছবিখনৰ প্ৰথম লুক শ্বেয়াৰ কৰিছে । আকৌ এবাৰ চকলেট বয়ৰ পৰা আঁতৰি ছবিখনত কবিৰ সিঙৰ দৰে লুকত দেখা যাব অভিনেতাগৰাকীক । এই ছবিখনৰ নাম আৰু তাৰকা অভিনেতা সম্পৰ্কেও তথ্য লাভ কৰা হৈছে । ইণ্টাৰনেটত শ্বাহিদৰ নতুন প্ৰজেক্টক লৈ অনুৰাগীসকল অতিশয় উৎসাহিত হৈ পৰিছে ।
আজি ঘোষণা কৰা হৈছে শ্বাহিদ কাপুৰৰ পৰৱৰ্তী ছবি ‘দেৱা’। অভিনেতাগৰাকীক ছবিখনৰ বাবে অতি হিংস্ৰ ৰূপত দেখা গৈছে । শ্বাহিদক দেখা গৈছে কবিৰ সিঙৰ লুকত । পিষ্টল আৰু ছানগ্লাছৰ সৈতে নিজৰ লুকটো সম্পূৰ্ণ কৰিছিল শ্বাহিদে । ইনষ্টাগ্ৰামত 'দেৱা'ৰ মুক্তিৰ তাৰিখ ঘোষণা কৰি শ্বাহিদ কাপুৰে লিখিছে, "২০২৪ চনৰ ১১ অক্টোবৰত দশেৰাত ছবিগৃহলৈ আহিব দেৱা ।"