চিটাৰা ডেস্ক, 18 আগষ্ট :শ্বাহিদ কাপুৰ আৰু মীৰা ৰাজপুতৰ যুটি এটা অন্যতম জনপ্ৰিয় যুটি ৷ দুয়োৰে ফটো আৰু ভিডিঅ’ সমূহ নেটিজেনে সাংঘাতিক পছন্দ কৰে ৷ ফটো ভিডিঅ’ চাইয়েই অনুভৱ কৰিব পাৰি দুয়োৰে মাজত থকা সীমাহীন ভালপোৱা ৷ দুটিকৈ সন্তানেৰে সুখৰ সংসাৰ তেওঁলোকৰ ৷ দুটাকৈ সন্তানৰ আগমনৰ পিছতো কিন্তু কমা নাই শ্বাহিদ আৰু মীৰাৰ মাজৰ ৰোমাঞ্চ ৷
সামাজিক মাধ্যমত ভাইৰেল হৈ পৰা ভিডিঅ’ এটাই তাৰেই ইংগিত দিছে ৷ ভিডিঅ’টোত শ্বাহিদ মীৰাৰ নৃত্যৰ পৰা চকু আঁতৰ হোৱা নাই নেটিজেনৰ ৷ ঘৰুৱা এটা অনুষ্ঠানত ইমান সুন্দৰকৈ নৃত্য কৰিলে যে উপস্থিত সকলোৱে হাত চাপৰিৰে উৎসাহ যোগালে প্ৰেমিকযুগলক ৷ দৰাচলতে শ্বাহিদ কাপুৰৰ শাহু-শহুৰেকৰ 40 বছৰীয়া বিবাহ বাৰ্ষিকী পৰিয়ালবৰ্গৰ মাজত উলহ মালহকৈ উদযাপন কৰা হৈছিল ৷ তাতেই সকলোৰে আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰে তেওঁলোক ৷
শ্বাহিদ-মীৰাই এটা ইংৰাজী ৰোমাণ্টিক গীতত নৃত্য কৰে ৷ ভিডিঅ’টোত মীৰাক এটা হালধীয়া ৰঙৰ অনাৰকলি চুট পিন্ধা পৰিলক্ষিত হৈছে ৷ আনহাতে শ্বাহিদক দেখা গৈছে ক’লা পেণ্ট আৰু বগা চাৰ্টৰ সৈতে এটা ফৰ্মেল লুকত ৷ চাওক ভিডিঅ’টো-