অসম

assam

ETV Bharat / entertainment

Pathaan New Poster: পাঠানৰ নতুন পোষ্টাৰ শ্বেয়াৰ কৰি শ্বাহৰুখে অনুৰাগীক কি ক’লে - শ্বাহৰুখ খান

শ্বাহৰুখ খানে তেওঁৰ বহু প্ৰতীক্ষিত ছবি 'পাঠান'ৰ এখন নতুন পোষ্টাৰ শ্বেয়াৰ কৰিছে । লগতে তেওঁ তেওঁৰ অনুৰাগীসকলক এটা প্ৰশ্নও সুধিছে । সবিশেষ আগলৈ-

Shah Rukh
পাঠানৰ নতুন পোষ্টাৰ শ্বেয়াৰ কৰিলে শ্বাহৰুখে

By

Published : Dec 1, 2022, 3:14 PM IST

চিটাৰা ডেস্ক, 1 ডিচেম্বৰ : শ্বাহৰুখ খানে তেওঁৰ বহু প্ৰতীক্ষিত ছবি ‘পাঠান’ সন্দৰ্ভত প্ৰশ্ন সুধিছে অনুৰাগীক আৰু লগতে শ্বেয়াৰ কৰিছে ছবিখনৰ এখন নতুন পোষ্টাৰ । শ্বাহৰুখ খানে 1 ডিচেম্বৰত শ্বেয়াৰ কৰা ‘পাঠান’ৰ নতুন পোষ্টাৰে অনুৰাগীৰ অপেক্ষা অধিক তীব্ৰতৰ কৰি তুলিছে । ঘোষণা হোৱাৰে পৰাই এই ছবিখনকলৈ শ্বাহৰুখৰ অনুৰাগীৰ মাজত বিশেষ চৰ্চা চলি আহিছে । ছবিখন অহা বছৰৰ 25 জানুৱাৰীত মুক্তি লাভ কৰিব ।

অনুৰাগীক কি সুধিলে শ্বাহৰুখ খানে?

শ্বাহৰুখ খানে ‘পাঠান’ ছবিখনৰ পোষ্টাৰ শ্বেয়াৰ কৰি অনুৰাগীসকলক সুধিলে, ‘পেটী বান্ধি ল’লেনে....? l তেন্তে যাওঁ ? ছবিখন মুক্তি পাবলৈ বাকী আছে 55 দিন... উদযাপন কৰক... পাঠান... যশ ৰাজ 50.... 25 জানুৱাৰীত আপোনাৰ ওচৰৰ চিনেমা হলত মুক্তি পাব... হিন্দী, তামিল আৰু তেলুগু ভাষাত' (Shah Rukh khan instagram) । জন আব্ৰাহাম আৰু দীপিকা পাডুকনকো দেখা যাব সিদ্ধাৰ্থ আনন্দৰ পৰিচালনাত নিৰ্মিত ‘পাঠান’ ছবিখনত । টাইগাৰ শ্ৰফক ছবিখনত কেমিঅ’ চৰিত্ৰ এটাত দেখিবলৈ পোৱা যাব ।

ইয়াৰ পূৰ্বে শ্বাহৰুখ খানে এটা ভিডিঅ’ শ্বেয়াৰ কৰিছিল, য’ত তেওঁ জনাই যে তেওঁ ‘ডাংকি’ ছবিখনৰ শ্বুটিং সম্পূৰ্ণ কৰিছে । এই ভিডিঅ’টোত শ্বাহৰুখে ‘ডাংকি’ ছবিৰ পৰিচালক ৰাজকুমাৰ হিৰাণীৰ প্ৰতি কৃতজ্ঞতা জ্ঞাপন কৰে । ভিডিঅ’টোৰ সমান্তৰালকৈ শ্বাহৰুখে কেপছনত লিখিছে, ‘ছৌদি আদৰণি সাংস্কৃতিক মন্ত্ৰালয়ৰ লগতে ‘ডাংকি’ৰ দলটোক আৰু যিয়েই এই শ্বুটিঙত সহযোগ কৰিলে, সকলোকে ধন্যবাদ । এই সূচীটো বহুত ভালকৈয়ে সম্পন্ন হৈছিল’ ।

শ্বাহৰুখ খানে লগতে কয়, ‘শ্বুটিং সূচী সম্পূৰ্ণ কৰাতকৈ সন্তুষ্টিদায়ক একোৱেই নহয়, ৰাজু ছাৰ আৰু সমগ্ৰ দলটোক বহুত বহুত ধন্যবাদ । লগতে ছৌদি আৰৱৰ সংস্কৃতি মন্ত্ৰালয়ক ধন্যবাদ, যিয়ে ইমান ভাল স্থান প্ৰদান কৰাৰ লগতে সকলো পিনৰে পৰা সহায় কৰিলে'।

ৰাজকুমাৰ হিৰাণী আৰু শ্বাহৰুখ খানে প্ৰথমবাৰৰ বাবে একেলগে কাম কৰিবলৈ ওলাইছে । কিন্তু জানিব পৰা মতে ৰাজকুমাৰে শ্বাহৰুখ খানক ‘মুন্নাভাই এম বি বি এছ’ ছবিখনৰ প্ৰস্তাৱ দিছিল, যিটো কাম কৰিবলৈ শ্বাহৰুখে কিবা কাৰণত সেই সময়ত অস্বীকাৰ কৰিছিল । এতিয়া কিমান সফল হ’ব ৰাজকুমাৰ হিৰাণী আৰু শ্বাহৰুখ খানৰ যুটিৰে ‘ডাংকি’, সেয়া ছবিখনৰ মুক্তিৰ সময়তহে জানিব পৰা যাব । 2023 চনৰ 22 ডিচেম্বৰত মুক্তি পাব ছবিখন ৷ শ্বাহৰুখ খানৰ উপৰিও তাপসী পান্নু, বিকী কৌশল আৰু বোমন ইৰাণীক এই ছবিখনত গুৰুত্বপূৰ্ণ চৰিত্ৰত দেখা যাব ।

লগতে পঢ়ক :লাইগাৰ ছবিৰ ধন সৰবৰাহৰ গোচৰত 9 ঘণ্টা ধৰি ইডিয়ে জেৰা কৰিলে বিজয় দেৱেৰাকোণ্ডাক

ABOUT THE AUTHOR

...view details