অসম

assam

ETV Bharat / entertainment

Pathaan: বাংলাদেশত ইতিহাস ৰচনা কৰিবলৈ গৈ আছে শ্বাহৰুখ খানৰ ছবি পাঠানে; জানি লওক কেনেকৈ - পাঠান

বলীউডৰ ছুপাৰষ্টাৰ শ্বাহৰুখ খানৰ ব্লকবাষ্টাৰ ছবি পাঠানে বাংলাদেশত ৰচিব ইতিহাস ৷ ১৯৭১ চনৰ পিচত বাংলাদেশত মুক্তি পোৱা প্ৰথমখন হিন্দী ছবি হিচাবে পৰিগণিত হ’ব পাঠান (Shah Rukh Khan)। এই প্ৰতিবেদনত জানি লওক বাংলাদেশত কেতিয়া মুক্তি লাভ কৰিব ছবিখন ৷

Shah Rukh Khans Pathaan becomes first Hindi film to release in Bangladesh post 1971
পাঠানে বাংলাদেশত ৰচিব ইতিহাস

By

Published : May 5, 2023, 3:54 PM IST

চিটাৰা ডেস্ক, 5 এপ্ৰিল: শ্বাহৰুখ খান আৰু দীপিকা পাডুকনৰ অভিনীত বলীউডৰ বহু প্ৰত্যাশিত একচন থ্ৰিলাৰ ছবি পাঠানে ভাৰতৰ বক্স অফিচৰ সকলো অভিলেখ ভংগ কৰাৰ পিচত এইবাৰ বাংলাদেশত ইতিহাস ৰচনা কৰিবলৈ সাজু হৈছে (Shah Rukh Khan) ৷ হয়, ১৯৭১ চনৰ পিচত বাংলাদেশত মুক্তি পোৱা প্ৰথমখন হিন্দী ছবি হিচাবে ইতিহাস ৰচনা কৰিব পাঠানে (Pathaan movie) ৷

সংবাদ মাধ্যমৰ বাতৰি অনুসৰি, চলিত বৰ্ষৰ ফেব্ৰুৱাৰী মাহত ১৯ টা বাংলাদেশী চলচ্চিত্ৰ সন্থাৰ কনচৰ্টিয়ামে দেশত হিন্দী ভাষাৰ ছবি মুক্তিৰ অনুমতি দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল (Pathaan to release in Bangladesh) । লগতে এবছৰত ১০খন ভাৰতীয় ছবি মুক্তি পাব বুলিও পৰামৰ্শ দিছিল । ‘পাঠান’ সেই ছবিবোৰৰ ভিতৰত এখন হ’ব ৷ অহা ১২ মে’ত বাংলাদেশৰ ছবিগৃহত মুক্তি পাব পাঠান । বলীউডৰ ছুপাৰষ্টাৰ শ্বাহৰুখ খানৰ ব্লকবাষ্টাৰ ছবি ‘পাঠান’ ১৯৭১ চনত বাংলাদেশ গঠন হোৱাৰ পিচত বাংলাদেশত মুক্তি পোৱা প্ৰথমখন হিন্দী ছবি হিচাবে পৰিগণিত হ’ব (Pathaan release date in Bangladesh)।

আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ বিতৰণৰ উপ-সভাপতি নেলছন ডিছৌজাই কয়, "ছবি সদায় ৰাষ্ট্ৰ, জাতি আৰু সংস্কৃতিৰ এক ঐক্যবদ্ধ শক্তি । ই সীমান্তৰ বাধা ভাঙি মানুহক একত্ৰিত কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে । ৰোমাঞ্চিত যে বিশ্বজুৰি ঐতিহাসিক ব্যৱসায় কৰা পাঠান ছবিখনে এতিয়া বাংলাদেশত দৰ্শকক মনোৰঞ্জন দিয়াৰ সুযোগ পাইছে।’

১৯৭২ চনত দেশৰ স্বাধীনতা লাভৰ পিচৰে পৰা স্থানীয় চলচ্চিত্ৰ উদ্যোগক সুৰক্ষা প্ৰদানৰ বাবে বাংলাদেশৰ ছবিগৃহত বলীউডৰ দ্বাৰা নিৰ্মিত ছবি নিষিদ্ধ কৰা হৈছিল (Pathaan movie in Bangladesh)। এইবাৰ প্ৰথমবাৰৰ বাবে বাংলাদেশত এখন হিন্দী ছবি মুক্তিৰ অনুমতি দিয়া হৈছে । কিন্তু ইয়াৰ পূৰ্বে ২০০৯ চনত ছলমান খানৰ অভিনীত ছবি ‘ৱাণ্টেড’ বাংলাদেশত মুক্তিৰ অনুমতি দিয়াৰ সিদ্ধান্ত লোৱা হৈছিল যদিও স্থানীয় চলচ্চিত্ৰ উদ্যোগ সন্থাৰ নেতৃত্বত ব্যাপক প্ৰতিবাদৰ বাবে এই সিদ্ধান্ত প্ৰত্যাহাৰ কৰা হৈছিল ।

২০২৩ চনৰ ফেব্ৰুৱাৰী মাহত টুইটাৰত ‘আস্ক মি এনিথিং’ অধিবেশনৰ সময়ত শ্বাহৰুখ খানে বাংলাদেশত পাঠান মুক্তিৰ বিষয়ে এজন অনুৰাগীৰ প্ৰশ্নৰ উত্তৰত কয়, “মোক কোৱা হৈছে যে ‘পাঠান’ বাংলাদেশত অতি সোনকালে মুক্তি পাব ৷’ সিদ্ধাৰ্থ আনন্দে পৰিচালনা কৰা ছবিখনত মুখ্য চৰিত্ৰত অভিনয় কৰিছে শ্বাহৰুখ খান, দীপিকা পাডুকন আৰু জন আব্ৰাহামে (Deepika Padukone) ৷ এইখন সৰ্বকালৰ সৰ্বাধিক উপাৰ্জনকাৰী এখন হিন্দী ছবি ।

লগতে পঢ়ক:The Kerala Story released: কোচিৰ দুটা ছবিগৃহই বাতিল কৰিছে দ্য কেৰেলা ষ্ট’ৰী প্ৰদৰ্শন

ABOUT THE AUTHOR

...view details