অসম

assam

Shah Rukh Khan: শ্বাহৰুখ খানৰ এটা সিদ্ধান্তই উপকৃত কৰিলে তামিলনাডুৰ তিনি হাজাৰ পৰিয়ালক

By ETV Bharat Assamese Team

Published : Aug 31, 2023, 8:31 PM IST

শ্বাহৰুখ খানৰ মহানুভৱতা ৷ শ্বাহৰুখৰ এটা সিদ্ধান্তই সহায় কৰিলে তিনি হাজাৰ পৰিয়ালক ৷ সবিশেষ জানিবলৈ পঢ়ক এই প্ৰতিবেদন ৷

Shah Rukh Khans Jawan shoot in Chennai and Tamil Nadu helped support 3000 families fans say we love you
কিং খানৰ এটা সিদ্ধান্তই সহায় কৰিলে তিনি হাজাৰ পৰিয়ালক

চিটাৰা ডেস্ক, 31 আগষ্ট:শ্বাহৰুখ খান আৰু নয়নতৰাৰ যুটি প্ৰথমবাৰৰ বাবে দেখা পোৱা যাব ‘জৱান’ ছবিখনক ৷ পাঠানৰ পিচত মুক্তি পাব কিং খানৰ একচন ড্ৰামাৰে ভৰপূৰ ছবি জৱান । অৱশেষত দৰ্শকৰ মাজলৈ আহিল এটলীয়ে পৰিচালনা কৰা বহু প্ৰত্যাশিত ‘জৱান’ৰ ট্ৰেইলাৰ, যিটো চোৱাৰ পিচত অনুৰাগীৰ মাজত বৃদ্ধি পাইছে শ্বাহৰুখ খানৰ চিনেমাখন চোৱাৰ দুগুণ হেঁপাহ ।

এই ছবিখনত অনুৰাগীয়ে দেখা পাব শ্বাহৰুখ খানৰ সম্পূৰ্ণ একচন ৷ লগতে ছবিখনত দেখা যাব শ্বাহৰুখৰ ব্যতিক্ৰমী ৰূপ ৷ কিন্তু এই প্ৰতিবেদনত আমি আপোনালোকক কম শ্বাহৰুখ খানৰ এটা সিদ্ধান্তৰ বিষয়ে, যিটো সিদ্ধান্তই তামিলনাডুৰ ৩ হাজাৰ পৰিয়ালক সহায় কৰিছিল।

শ্বাহৰুখে ‘জৱান’ৰ শ্বুটিংৰ সময়ত লৈছিল এই সিদ্ধান্ত

শ্বাহৰুখ খানৰ ট্ৰেইলাৰ মুক্তিৰ এদিন পূৰ্বে অৰ্থাৎ বুধবাৰে নিশা চেন্নাইত অনুষ্ঠিত হৈছিল ‘জৱান’ৰ প্ৰি-ৰিলিজ ইভেন্ট ৷ এই অনুষ্ঠানত অংশগ্ৰহণ কৰিছিল শ্বাহৰুখ খান, বিজয় সেতুপথি আৰু এটলী ৷ এই সময়ছোৱাত নিৰ্মাতাসকলে উদযাপন কৰে ছবিখনৰ সংগীতক । ‘জৱান’ৰ উন্মোচনী অনুষ্ঠানত কলা পৰিচালক মুথুৰাজে শ্বাহৰুখ খানে চেন্নাইত শ্বুটিং কৰাৰ সিদ্ধান্তই তামিলনাডুৰ হাজাৰ হাজাৰ পৰিয়ালক কেনেদৰে সহায় কৰিছিল সেই বিষয়ে উল্লেখ কৰে ৷

কলা পৰিচালক মুথুৰাজে কয়, আপুনি মুম্বাইৰ পৰা চেন্নাইলৈ আহি শ্বুটিং কৰাৰ সিদ্ধান্ত লোৱাৰ বাবে আজি চেন্নাই-তামিলনাডুৰ ৩০০০ পৰিয়াল আৰ্থিকভাৱে বিকাশিত হৈছে। ইয়াৰ বাবে আমি আপোনাক আন্তৰিক ধন্যবাদ জনাইছো।

ছ’চিয়েল মিডিয়াত শ্বাহৰুখৰ প্ৰশংসা অনুৰাগীৰ

কলা পৰিচালক মুথুৰাজৰ এই কথা শুনাৰ পাচত ছ’চিয়েল মিডিয়াত অনুৰাগীয়ে কিং খানৰ প্ৰশংসাত পঞ্চমুখৰ হৈ পৰে ৷ মহাবিদ্যালয়খনত উপস্থিত থকা ৰাইজে কেৱল কিং খানৰ এই সিদ্ধান্তক প্ৰশংসা কৰাই নহয়, ইয়াৰ সমান্তৰালকৈ অনুৰাগীসকলেও ছ’চিয়েল মিডিয়াত বহু মৰম দিয়ে ৷

এজন ব্যৱহাৰকাৰীয়ে মন্তব্য কৰিছে, "তামিলনাডুত প্ৰায় ১৫০ দিন জৱানৰ শ্বুটিং হৈছে, যাৰ ফলত তিনি হাজাৰ পৰিয়াল উপকৃত হৈছে। শ্বাহৰুখ খান, আপোনাৰ এই মহানুভৱতাৰ বাবে আমি অনুৰাগীসকলে আপোনাক বহুত ভাল পাওঁ ।"

আন এজন ব্যৱহাৰকাৰীয়ে লিখিছে, "আপুনি কি আচৰিত ব্যক্তি, আপুনি কোটি কোটি মানুহৰ বাবে প্ৰকৃত প্ৰেৰণা ।"

লগতে পঢ়ক:Shah Rukh Khan: জৱানৰ প্ৰি-ৰিলিজ ইভেণ্টৰ পূৰ্বে বৈষ্ণো দেৱীৰ আশীৰ্বাদ বিচাৰি মন্দিৰত উপস্থিত শ্বাহৰুখ খানৰ

ABOUT THE AUTHOR

...view details