অসম

assam

ETV Bharat / entertainment

Shikha Malhotra: শ্বাহৰুখৰ ফেনত অভিনয় কৰা এইগৰাকী অভিনেত্ৰীৰ জীৱনলৈ হঠাৎ আহিছিল ধুমুহা; পঢ়ক সবিশেষ - শিখা মালহোত্ৰা

শ্বাহৰুখ খানৰ ছবি ‘ফেন’ত এটা সৰু চৰিত্ৰত দেখা পোৱা শিখা মালহোত্ৰাই কৰ’নাকালত ৰোগীৰ সেৱা আগবঢ়াই । কিন্তু ৰোগীৰ সেৱা আগবঢ়াই থাকোতেই বহু বেমাৰে থিতাপি লয় অভিনেত্ৰীগৰাকীৰ শৰীৰত ৷ কিন্তু বেমাৰক পৰাস্ত কৰি পুনৰ সুস্থ হৈ উঠিল অভিনেত্ৰীগৰাকী ৷ চাওক অভিনেত্ৰীগৰাকীৰ ফটো ৷

Shah Rukh Khans Fan Co Star Shikha Malhotra On Suffering Brain Stroke-Paralysis; Reveals She Gained A Lot Of Weight Due To Steroids
কৰ’না কালত নাৰ্ছ হৈ সেয়া আগবঢ়াইছিল অভিনেত্ৰীগৰাকীয়ে

By

Published : Jul 26, 2023, 12:48 PM IST

চিটাৰা ডেস্ক, 26 জুলাই: ২০২০ চনৰ দেশৰ সেই ভয়ানক দৃশ্যটো কেতিয়াও কোনেও হয়তো পাহৰিব নোৱাৰিব, যেতিয়া ক’ভিড 19 য়ে কোটি কোটি লোকৰ জীৱন কাঢ়ি নিছিল ৷ এক মুহূৰ্ততে মৃত্যু হৈছিল লাখ লাখ লোকৰ আৰু আমি সকলোৱে কেৱল অসহায় হৈ চাই থাকিবলগীয়া হৈছে সেই ভয়ানক দৃশ্যবোৰ । কিন্তু পৃথিৱীৰ এনে দুঃসময়ত কিছুমান এনে ব্যক্তিও আছিল যিয়ে আনৰ সহায় কৰিবলৈ গৈ নিজৰ জীৱন বিপদাপন্ন কৰিছিল ৷ তেনে ব্যক্তিৰ ভিতৰত এটা অন্যতম নাম আছিল অভিনেত্ৰী শিখা মালহোত্ৰা ৷ শিখাই কৰ’না মহামাৰীৰ সময়ত নাৰ্চ হিচাপে ৰোগীৰ সেৱা আগবঢ়াইছিল । কিন্তু ইয়াৰ পিচত অভিনেত্ৰীগৰাকীৰ লগত যি হ’ল সেয়া কোনেও কল্পনাও কৰা নাছিল ৷

অভিনেত্ৰীগৰাকীয়ে নাৰ্ছ ৰূপে সেৱা আগবঢ়াইছিল হাজাৰ হাজাৰ লোকক

শ্বাহৰুখ খানৰ ছবি ‘ফেন’ত এটা সৰু চৰিত্ৰত দেখা গৈছিল শিখা মালহোত্ৰাক। এই ছবিখনৰ পিচত ২০২০ চনত ‘কাঞ্চালী’ৰ মুখ্য অভিনেত্ৰী হিচাপে বলীউডত আত্মপ্ৰকাশ কৰে । সঞ্জয় মিশ্ৰই তেওঁৰ সৈতে ‘কাঞ্চালী’ত মুখ্য চৰিত্ৰত অভিনয় কৰিছিল । শিখা অভিনেত্ৰী হোৱাৰ পূৰ্বে নাৰ্ছিং পঢ়িছিল । যাৰ বাবে কৰ’না কালত ৰোগীৰ সেয়া আগবঢ়োৱাৰ সিদ্ধান্ত লয় অভিনেত্ৰীগৰাকীয়ে ৷ কিন্তু এবাৰো শিখাই নিজৰ জীৱনৰ কথা ভৱা নাই যে এনে কৰিলে তেওঁৰ জীৱনো বিপদাপন্ন হ’ব পাৰে ৷

বিএমচি হাস্পতালত নাৰ্ছ হিচাপে ৰোগীক সেৱা আগবঢ়াবলৈ আৰম্ভ কৰিলে শিখাই । কিন্তু আনক সেৱা আগবঢ়াই থাকোতে শিখা এদিন নিজেই হৈ পৰিল ৰোগী ৷ কিয়নো শিখা আক্ৰান্ত হৈ পৰিল কভিড 19 ত ৷ অৱশ্যে লাহে লাহে কৰ’নাৰ পৰা সুস্থ হৈ উঠিছিল অভিনেত্ৰীগৰাকী ৷ কিন্তু ইয়াৰ পিচত শিখাৰ জীৱনত দেখা দিয়ে আন এটা ডাঙৰ বিপদে ৷ কৰ’নাৰ পিচত ব্ৰেইন ষ্ট্ৰ’ক হয় শিখাৰ ৷ এক সাক্ষাৎকাৰত তেওঁ কয় যে, মগজুৰ ষ্ট্ৰোকৰ পিচত তেওঁ পেৰেলাইচিচ হৈ পৰে । এই সকলোবোৰ ৰোগৰ সৈতে যুঁজি থকাৰ সময়তে ষ্ট্ৰাইডৰ বেমাৰেও দেখা দিলে, যাৰ ফলত ওজন বাঢ়িবলৈ ধৰে অভিনেত্ৰীগৰাকীৰ ।

ৰাখে হৰি মাৰে কোনে, মাৰে হৰি ৰাখে কোনে

হয়, এই কথাষাৰেই যেন প্ৰমাণিত হ’ল শিখাৰ ক্ষেত্ৰতো ৷ যদি কোনো ব্যক্তিৰ জীয়াই থকাৰ সাহস থাকে আৰু কিবা এটা কৰাৰ ইচ্ছা থাকে তেন্তে ঈশ্বৰেও তেওঁৰ সহায় কৰে । শিখাৰ শৰীৰত দেখা দিয়া এনেবোৰ সমস্যাৰ সৈতে যুঁজি আছিল শিখাই । শিখা আকৌ সুস্থ হ’ব পাৰিব বুলি হয়তো ভবাও নাছিল । কিন্তু জীয়াই থকাৰ হেপাহ আৰু আত্মবিশ্বাসৰ বাবে শিখা লাহে লাহে সুস্থ হৈ উঠে ।

এতিয়া আগৰ দৰেই ফিট হৈ পৰিছে শিখা । যেন পূৰ্বতকৈ বেছি গ্লেমাৰাছ আৰু ধুনীয়া হৈ পৰিছে অভিনেত্ৰীগৰাকী । অৱশ্যে অভিনেত্ৰীগৰাকীৰ এই যাত্ৰা একেবাৰেই সহজ নাছিল । ৰোগবোৰক পৰাস্ত কৰি তেওঁ যিদৰে নিজৰ শৰীৰটোক ফিট কৰি তুলিছে সেয়া নিশ্চয় প্ৰশংসাৰ যোগ্য।

লগতে পঢ়ক:Tara Jay Bhanushali Trolled: নামাজ পঢ়ি ট্ৰল হ’ল জয় আৰু মাহীৰ কন্যা তাৰা, সমালোচকক মাহীয়ে দিলে উপযুক্ত উত্তৰ

ABOUT THE AUTHOR

...view details