অসম

assam

By ETV Bharat Assamese Team

Published : Dec 18, 2023, 10:53 AM IST

ETV Bharat / entertainment

শ্বাহৰুখ খানৰ ছবি ডাংকিয়ে জিনিলে চেন্সৰ ব’ৰ্ডৰ হৃদয় !

Dunki Censor Certification : শ্বাহৰুখ খানৰ ছবি ‘ডাংকি’এ ডুবাইৰ ইউ এ ইৰ ভ’ক চিনেমাত চেন্সৰ ব’ৰ্ডৰ প্ৰদৰ্শনীত ষ্টেণ্ডিং অভেশ্যন লাভ কৰিছে ।

Shah Rukh Khans Dunki Earns Standing Ovation
চেন্সৰ ব’ৰ্ডৰ স্ক্ৰীনিঙত ডাংকিয়ে লাভ কৰিলে ষ্টেণ্ডিং অভেশ্যন

চিটাৰা ডেস্ক, ১৮ ডিচেম্বৰ: ৰাজকুমাৰ হিৰাণীৰ ছবি ‘ডাংকি’ৰ গ্ৰেণ্ড মুক্তিৰ বাবে আৰম্ভ হৈছে তিনিদিনীয়া কাউণ্টডাউন । ইতিমধ্যেই আৰম্ভ হৈছে ছবিখনৰ অগ্ৰিম বুকিং । ইফালে শ্বাহৰুখ খানৰ ছবি ‘ডাংকি’ৰ সৈতে জড়িত এটা নতুন আপডেট আহিছে আৰু কোৱা হৈছে যে দুবাইস্থিত ইউ এ ইৰ Voc চিনেমাত চেন্সৰ ব’ৰ্ডৰ প্ৰদৰ্শনীত ডাংকিয়ে লাভ কৰিছে ষ্টেণ্ডিং অভেশ্যন ।

শ্বাহৰুখ খানৰ ছবি ডাংকিয়ে জয় কৰিলে হৃদয় !

শ্বাহৰুখ খানৰ ছবি ‘ডাংকি’ পৰিচালনা কৰিছে ৰাজকুমাৰ হিৰাণীয়ে । দুয়োৰে একেলগে এইখন প্ৰথমখন ছবি । অৱশ্যে ইয়াৰ পূৰ্বে ৰাজুকমাৰে শ্বাহৰুখ খানক বহু ছবিৰ বাবে প্ৰস্তাৱ দিছিল, কিন্তু কিবা কাৰণত সেয়া সম্পূৰ্ণ নহ’ল ৷ শ্বাহৰুখ খানৰ ‘ডাংকি’ ছবিখনত বিকি কৌশল আৰু তাপসী পান্নুকো গুৰুত্বপূৰ্ণ চৰিত্ৰত দেখা যাব । ইয়াৰ উপৰিও বোমন ইৰাণী, বিক্ৰম কোচৰ আৰু অনিল গ্ৰ’ভাৰো ‘ডাংকি’ ছবিখনৰ অংশ । ৰাজকুমাৰ হিৰানী আৰু গৌৰী খানৰ যৌথ প্ৰযোজনা নিৰ্মিত হৈছে ডাংকি ৷

চেন্সৰ ব’ৰ্ডৰ স্ক্ৰীনিঙত ষ্টেণ্ডিং অভেচন লাভ কৰিলে ডাংকিয়ে

উল্লেখ্য যে, বাণিজ্য বিশ্লেষক গিৰীশ জোহৰৰ মতে শ্বাহৰুখ খানৰ ‘ডাংকি’ ছবিখনে চেণ্ট্ৰেল ব’ৰ্ড অৱ ফিল্ম চাৰ্টিফিকেশ্যনৰ পৰা ইউ/এ চাৰ্টিফিকেট লৈ উত্তীৰ্ণ হৈছে । ইয়াৰ লগতে দুবাইৰ Voc চিনেমাত চেন্সৰ ব’ৰ্ডৰ প্ৰদৰ্শনীত ডাংকিয়ে ষ্টেণ্ডিং অভেশ্যন লাভ কৰিছে বুলিও কোৱা হৈছে ৷

ইয়াৰ লগতে ছবিখনৰ ৰানটাইমো প্ৰকাশ পাইছে । ‘ডাংকি’ৰ ৰানটাইম হ’ব ২ ঘণ্টা ৪১ মিনিট । অহা ২১ ডিচেম্বৰত ছবিগৃহত মুক্তি পাব শ্বাহৰুখ খানৰ এই ছবিখন । ছবিখনৰ অগ্ৰিম বুকিঙো আৰম্ভ হৈছে । ইয়াৰ সমান্তৰালকৈ কিং খানৰ ছবিখনক লৈ দৰ্শকৰ মাজত ব্যাপক উৎসাহ দেখা পোৱা গৈছে ৷ যাৰ বাবে অগ্ৰিম বুকিঙৰ পৰাই ছবিখনে বহু কোটি টকা উপাৰ্জন কৰিছে ৷

লগতে পঢ়ক:শ্বাহৰুখ খানে নিজেই প্ৰকাশ কৰিলে ডাংকিৰ কাহিনী

ABOUT THE AUTHOR

...view details