চিটাৰা ডেস্ক, 12 ডিচেম্বৰ : বলীউডৰ বাদশ্বাহ শ্বাহৰুখ খানে তেওঁৰ আগন্তুক ছবি ‘পাঠান’ৰ মুক্তিৰ পূৰ্বে কাত্ৰাস্থিত মাতা বৈষ্ণো দেৱী মন্দিৰত উপস্থিত হৈ প্ৰণাম জনায় । শ্বাহৰুখ নিজৰ বন্ধুৰ সৈতে 11 ডিচেম্বৰৰ নিশা 8 বজাত কাত্ৰাৰ এখন ব্যক্তিগত হোটেলত উপস্থিত হয় । এই সময়ছোৱাত শ্বাহৰুখ খানে ক’লা চশমা আৰু মাস্ক পিন্ধি নিজকে সম্পূৰ্ণৰূপে ঢাকি ৰাখিছিল ।
শ্বাহৰুখ খান তেওঁৰ লগত অহা সহযোগীসকলৰ সৈতে ৰাতি 10 বজাত কাত্ৰাৰ পৰা দৰবাৰলৈলৈ ৰাওনা হয় আৰু 12 বজাত তেওঁ মাতা বৈষ্ণো দেৱীৰ দৰবাৰত পৰিদৰ্শন কৰে ।
এই সময়ছোৱাত শ্বাহৰুখ খানৰ একাংশ অনুৰাগীয়ে শ্বাহৰুখক অনুসৰণ কৰি তেওঁৰ এটি আভাস ওচৰৰ পৰা পাবলৈ আগ্ৰহী হৈ পৰে । শ্বাহৰুখৰ এই ভ্ৰমণ সম্পূৰ্ণ গোপনীয় কৰি ৰখাৰ চেষ্টা কৰা হৈছিল ।
মাতা বৈষ্ণো দেৱীৰ আশীৰ্বাদ বিচাৰি কাত্ৰা পালেগৈ কিং খান ইয়াৰ মাজতে অভিনেতাগৰাকীৰ লগত কঠোৰ নিৰাপত্তাৰ ব্যৱস্থাও দেখা গ’ল । 4 বছৰৰ পিছত 25 জানুৱাৰীত শ্বাহৰুখ খানক ৰূপালী পৰ্দাত দেখিবলৈ পোৱা যাব । ছবিখনৰ সফলতা কামনা কৰি মাতা বৈষ্ণো দেৱীৰ আশীৰ্বাদ লয় বাদশ্বাহে ৷
মাতা বৈষ্ণো দেৱীৰ দৰবাৰৰ পূৰ্বে শ্বাহৰুখ খান ওমৰাহ কৰিবলৈ চৌদি আৰৱৰ ‘মক্কা’ত উপস্থিত হৈছিল । তাত শ্বাহৰুখ খানক মক্কাৰ ভিতৰত বগা চাদৰ গাত মেৰিয়াই থোৱা দেখা গৈছিল । অভিনেতাজনৰ বহু ছবি আৰু ভিডিঅ’ ভাইৰেল হৈ পৰিছিল, যিয়ে শ্বাহৰুখৰ অনুৰাগীৰ মাজত আলোড়নৰ সৃষ্টি কৰিছিল, কিয়নো অনুৰাগীয়ে কেতিয়াও শ্বাহৰুখক এনেধৰণৰ ধৰ্মীয় স্থান ভ্ৰমণ কৰা দেখা নাছিল ৷
লগতে পঢ়ক : Shah Rukh Khan latest news: মক্কাত শ্বাহৰুখ খানৰ ওমৰাহ