চিটাৰা ডেস্ক, 8 আগষ্ট: বিলাসী জীৱনশৈলীৰ বাবে পৰিচিত বলীউডৰ তাৰকাসকল । বিলাসী ঘৰৰ পৰা দামী বাহনলৈকে বিলাসী জীৱন-যাপন কৰে চেলিব্ৰিটিসকলে । ইয়াৰে ভিতৰত এজন হৈছে বলীউডৰ কিং খান । কিং খানৰ জীৱনশৈলী অতি বিলাসী ৷ ঘড়ীৰ প্ৰতি যথেষ্ট আকৰ্ষিত কিং খান ৷ সেয়াহে ঘড়ীৰ সংগ্ৰহ আছে কিং খানৰ । ইয়াৰ লগতে এটা দামী কফি মগত কফি খোৱাৰ অভ্যাস আছে শ্বাহৰুখ খানৰ। শেহতীয়াকৈ কিং খানৰ তেনে এটা মগৰ ভিডিঅ’ ভাইৰেল হৈ পৰিল । কিন্তু এই মগটোৰ বৈশিষ্ট্য আৰু মূল্য জানি হতভম্ব হৈ পৰিব আপুনি ।
শ্বাহৰুখ খানৰ এই দামী মগটোৰ ভিডিঅ’ ভাইৰেল হৈছিল ২০১৭ চনত । য’ত তেওঁক কফি মগত কফি খাই থকা দেখা গৈছে। ভিডিঅ’টোত এই মগটো ক’লা ৰঙৰ দেখা গৈছে।
মগটোৰ মূল্য কিমান ?
সংবাদ মাধ্যমৰ বাতৰি অনুসৰি শ্বাহৰুখ খানৰ এই মগটোৰ মূল্য প্ৰায় ৩৫,৮৬২ টকা । এই মগটো অনলাইনযোগে আপুনিও ক্ৰয় কৰিব পাৰিব ।