চিটাৰা ডেস্ক, ২০ ডিচেম্বৰ:২০২৩ চনৰ তৃতীয়খন ব্লকবাষ্টাৰ ছবিৰ বাবে সাজু হৈছে বলীউডৰ কিং শ্বাহৰুখ খান । পাঠান আৰু জৱানৰ ব্যাপক সফলতাৰ পিচত এতিয়া আকৌ এবাৰ ‘ডাংকি’ৰ জৰিয়তে ছবিগৃহত আলোড়ন সৃষ্টি কৰিবলৈ সাজু হৈছে অভিনেতাগৰাকী । ইফালে মুক্তিৰ পূৰ্বেই অনুৰাগীৰ মাজত কিং খানৰ এই ছবিখনৰ উন্মাদনা দেখা পোৱা গৈছে । শনিবাৰৰ পৰা ‘ডাংকি’ৰ অগ্ৰিম বুকিং আৰম্ভ হৈছে আৰু ছবিখনৰ প্ৰথম দিনটোৰ বাবে দ্ৰুতগতিত বিক্ৰী হৈছে টিকট । জানো আহক 'ডাংকি'ৰ অগ্ৰিম বুকিং ৰিপ’ৰ্ট কেনেকুৱা ?
অগ্ৰিম বুকিঙৰ পৰা কিমান উপাৰ্জন কৰিলে ডাংকিয়ে ?
‘ডাংকি’ পৰিচালনা কৰিছে ৰাজকুমাৰ হিৰাণীয়ে । ইয়াৰ পূৰ্বে ‘৩ ইডিয়টছ’, ‘পিকে’ আৰু ‘সঞ্জু’ৰ দৰে ছুপাৰ ডুপাৰ হিট ছবি নিৰ্মাণ কৰিছিল হিৰাণীয়ে । এতিয়া আহি আছে কিং খানৰ সৈতে তেওঁৰ ছবি ‘ডাংকি’ । এইখিনিতে উল্লেখ কৰিব লাগিব যে, প্ৰথমবাৰৰ বাবে এই ছবিখনৰ বাবে দুয়োৱে সহযোগিতা কৰিছে ৷ এতিয়া এই যুটিটোৱে বক্স অফিচত বহু অভিলেখ গঢ়িব পাৰিব বুলি সকলোৱে আশা কৰিছে । যদি আমি ‘ডাংকি’ৰ অগ্ৰিম বুকিঙৰ কথা কওঁ, তেন্তে সেয়া হৈছে এনেধৰণৰ . . .
- ছেকনিল্কৰ প্ৰতিবেদন অনুসৰি সমগ্ৰ দেশতে এতিয়ালৈকে ‘ডাংকি’ৰ ৩ লাখ ৬৪ হাজাৰ ৪৮৭ টিকট বিক্ৰী হৈছে ।
- ইয়াৰ লগে লগে মুক্তিৰ পূৰ্বেই ‘ডাংকি’এ ১০.৩৯ কোটি টকা উপাৰ্জন কৰিছে ।