চিটাৰা ডেস্ক, 28 এপ্ৰিল: বৰ্তমান সমগ্ৰ বিশ্বই ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ ২০২৩ ৰ ১৬ সংখ্যক ছিজন উপভোগ কৰি আছে । কিন্তু এই ছিজনৰ এখন মেচ আই পি এলৰ ইতিহাসত সদায় স্মৰণীয় হৈ থাকিব ৷ যিখন খেলৰ ৰচনা কৰিছে শ্বাহৰুখ খানৰ দল কলকাতা নাইট ৰাইডাৰ্ছৰ সাধাৰণ বেটছমেন ৰিংকু সিঙে । ৰিংকু সিঙে এনে জয় লাভ কৰিছিল, যিটো কোনেও কল্পনাই কৰা নাছিল ৷ কিন্তু ৰিংকুৱে এই অলৌকিকতা কৰি প্ৰমাণ কৰিলে যে পৃথিৱীত যিকোনো কথা সম্ভৱ হ’ব পাৰে ৷
উল্লেখ্য যে, ৫ টা বলত ২৮ ৰানৰ প্ৰয়োজন হোৱাৰ লগতে সন্মুখত ষ্ট্ৰাইক কৰি আছিল যুৱ খেলুৱৈ ৰিংকু সিং । ক্ৰিকেটাৰজনৰ মনত আছিল যে মেচখন কেনেকৈ জয়ী হ’ব (Shahrukh vows to dance at Rinku Singhs wedding)। ইয়াৰ পিচত ৰিংকু সিঙে যশ দয়ালৰ পাঁচোটা বলত ৫ ছয় মাৰি মেচখনত জয়ী কৰে ৷ আজিও শ্বাহৰুখ খানে এই অবিশ্বাস্য জয় পাহৰা নাই আৰু ৰিংকুৰ বিয়াত এই তাৰকা খেলুৱৈগৰাকীৰ সৈতে নাচিবলৈ প্ৰতিশ্ৰুতি দিছে কিং খানে (Shah Rukh Khan promises Rinku Singh)।
তোমাৰ বিয়াত মই নিশ্চয় নাচিবলৈ আহিম- শ্বাহৰুখ খান