চিটাৰা ডেস্ক, 3 জুন :বলীউডৰ 'বাদশ্বাহ' শ্বাহৰুখ খান আকৌ এবাৰ চলচ্চিত্ৰ উদ্যোগত সক্ৰিয় হৈ পৰিছে । 2018 চনত 'জিৰো' ফ্লপ হোৱাৰ পিছত বহু সময় ধৰি শ্বাহৰুখ ৰূপালী পৰ্দাৰ পৰা আঁতৰি আছিল ৷ 2022 চনত শ্বাহৰুখ খানে 'পাঠান' আৰু 'ডাঙ্কি' চলচ্চিত্ৰৰ কথা ঘোষণা কৰে ৷ তাৰ লগে লগেই শ্বাহৰুখ অনুৰাগীসকল আনন্দত আত্মহাৰা হৈ পৰে ।
এতিয়া শ্বাহৰুখে পুনৰ এখন ছবিৰ কথা ঘোষণা কৰিছে । দক্ষিণ ছবিজগতৰ পৰিচালক এটলীয়ে নিৰ্মাণ কৰা ছবিত অভিনয় কৰিব বলীউডৰ বাদশ্বাহে ৷ তেওঁৰ ঘোষণা কৰা তৃতীয়খন ছবিৰ নাম হৈছে 'জোৱান' ।
'জোৱান' ৰ পৰা শ্বাহৰুখৰ প্ৰথম লুক ভাইৰেল হৈ পৰিছে ৷ 3 জুনত ঘোষণা কৰা এই ছবিখনৰ টিজাৰো মুকলি হ’ল ৷ ছবিখনৰ টিজাৰত, শ্বাহৰুখ খানৰ এটা ভয়ংকৰ চেহেৰা দেখা গৈছে (Shah rukh Khan new film) । চলচ্চিত্ৰখন আগন্তুক বৰ্ষৰ ২ জুনত মুক্তি পাব । প্ৰথমবাৰৰ বাবে শ্বাহৰুখ আৰু দক্ষিণৰ পৰিচালক এটলীয়ে এই ছবিখনৰ জৰিয়তে একেলগে কাম কৰিছে । 'জোৱান' বোলছবিখন হিন্দীৰ উপৰিও তামিল, তেলেগু, মালায়ালম আৰু কানাড়া ভাষাত মুক্তি পাব ।