অসম

assam

By ETV Bharat Assamese Team

Published : Sep 7, 2023, 10:38 AM IST

ETV Bharat / entertainment

Jawan Release: জৱান চোৱাৰ পৰিকল্পনা কৰিছে নেকি ? তেতিয়াহ’লে জানি লওক জৱানৰ বিষয়ে এইসমূহ তথ্য

শ্বাহৰুখ খানৰ অভিনীত ছবি জৱান আজিৰে পৰা ছবিগৃহত মুক্তি লাভ কৰিছে । বহুদিনৰ পৰা অভিনেতাগৰাকীৰ অনুৰাগীসকলে এই ছবিখনৰ মুক্তিৰ বাবে অপেক্ষা কৰি আছিল ৷ ইফালে জৱানৰ লগত জড়িত কিছুমান গুৰুত্বপূৰ্ণ সবিশেষ জানি লওক ।

Shah Rukh khan Jawan worldwide release in theatre check here SRK movie full details
ছবিগৃহত মুক্তি শ্বাহৰুখ খানৰ জৱান

চিটাৰা ডেস্ক, 7 ছেপ্টেম্বৰ: যিটো মুহূৰ্তৰ বাবে অনুৰাগীসকলে বহুদিনৰে পৰা অপেক্ষা কৰি আছিল, অৱশেষত আহিল সেই মুহূৰ্ত । হয়, আজি শ্বাহৰুখ খানৰ অভিনীত আটাইতকৈ প্ৰত্যাশিত ছবি ‘জৱান’ ছবিগৃহত মুক্তি লাভ কৰিছে । এই ছবিখনক লৈ উৎফুল্লিত হৈ পৰিছে কিং খানৰ অনুৰাগী ৷ এই ছবিখনৰ বাবে অনুৰাগীসকল কিমান আগ্ৰহী সেয়া ‘জৱান’ৰ এডভান্স বুকিঙৰ পৰা ক’ব পাৰি । ইফালে যদি আপুনি ‘জৱান’ চোৱাৰ পৰিকল্পনা কৰিছে, তেন্তে শ্বাহৰুখ খানৰ এই ছবিখনৰ সৈতে জড়িত এই সবিশেষ তথ্য নিশ্চয়কৈ জানি লওক ।

কিমান পৰ্দাত মুক্তি লাভ কৰিছে জৱান ?

শ্বাহৰুখ খান হিন্দী ছবি এনে এজন অভিনেতা, যিজনৰ সমগ্ৰ বিশ্বতে আছে অনুৰাগী । কিং খানৰ অভিনীত এই ছবিখনৰ মুক্তিৰ বাবে সকলোৱে অপেক্ষা কৰি আছিল । আজি অৰ্থাৎ ৭ ছেপ্টেম্বৰত 'জৱান' সমগ্ৰ বিশ্বতে মুক্তি লাভ কৰিছে । ইফালে ‘জৱান’ৰ স্ক্ৰীণ কাউণ্টৰ কথা যদি কওঁ, সংবাদ মাধ্যমৰ অনুসৰি ‘জৱান’ ভাৰতৰ প্ৰায় ৫৫০০ পৰ্দাত মুক্তি লাভ কৰিছে ।

আনহাতে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত ৪৫০০ পৰ্দাত মুকলি হৈছে জৱান ৷ মুঠতে ‘জৱান’ বিশ্বজুৰি প্ৰায় ১০০০০ খন পৰ্দাত প্ৰদৰ্শিত হ’ব । চলিত বৰ্ষৰ আৰম্ভণিতে শ্বাহৰুখৰ ব্লকবাষ্টাৰ ছবি ‘পাঠান’ ভাৰতৰ ৫০০০ পৰ্দাত আৰু আন্তঃৰাষ্ট্ৰীয় বজাৰত প্ৰায় ২৭০০ পৰ্দাত মুক্তি লাভ কৰিছিল ।

'জৱান' ছবিখন কিমান ঘণ্টাৰ ?

প্ৰায়ে অনুৰাগীসকলে নিজৰ প্ৰিয় তাৰকাক ডাঙৰ পৰ্দাত অধিক সময়ৰ বাবে দেখি উৎসাহিত হয় । শ্বাহৰুখ খানৰ ‘জৱান’তো একেধৰণৰ কিবা এটা চাবলৈ পাব অনুৰাগীয়ে । তৰণ আদৰ্শৰ মতে ‘জৱান’ ছবিখনৰ সময়সীমা প্ৰায় ৩ ঘণ্টা অৰ্থাৎ ২ ঘন্টা ৪৯ মিনিট । কিং খানৰ এই চিনেমাখনে চেঞ্চৰ ব’ৰ্ডৰ পৰা U/A প্ৰমাণপত্ৰ লাভ কৰিছে, অৰ্থাৎ ছবিখন সকলো বয়সৰ লোকে ছবিগৃহত চাব পাৰে ।

জৱানৰ বিশেষত্ব কি ?

'জৱান' ছবিখনৰ বিষয়ে ক’বলৈ গ’লে এই ছবিখন শ্বাহৰুখ খানৰ বাবে অতি বিশেষ । এই ছবিখনত তেওঁক প্ৰায় ৬-৭ টা ভিন্ন চৰিত্ৰত দেখা গৈছে । ডুবাইৰ বুৰ্জ খলিফাত ছবিখনৰ ট্ৰেইলাৰ লঞ্চৰ সময়ত এই কথা প্ৰকাশ কৰে শ্বাহৰুখ খানে । এই আটাইকেইটা চৰিত্ৰতে অভিনেতাগৰাকীৰ লুক বেলেগ আৰু দৰ্শনীয় ৰূপত দেখা গৈছে ।

কেৱল এয়াই নহয়, কিং খানক চলচ্চিত্ৰ কেৰিয়াৰত প্ৰথমবাৰৰ বাবে এইছবিখনত টকলা ৰূপত দেখা গৈছে । ‘জৱান’ত শ্বাহৰুখ খানৰ এই ভিন্ন ৰূপ আৰু চৰিত্ৰবোৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু ৷ ইয়াৰ উপৰিও ছবিখনত আছে ভৰপূৰ একচন ছিকুৱেন্স ।

প্ৰথমবাৰৰ বাবে দেখা যাব নয়নতৰাৰ সৈতে শ্বাহৰুখ খানক

৩১ বছৰীয়া চলচ্চিত্ৰ কেৰিয়াৰত প্ৰথমবাৰৰ বাবে শ্বাহৰুখ খানক দক্ষিণৰ ছুপাৰষ্টাৰ নয়নতৰাৰ সৈতে ৰোমাঞ্চ কৰা দেখা যাব । জনপ্ৰিয় চলচ্চিত্ৰ নিৰ্মাতা এটলীৰ পৰিচালনাত নিৰ্মিত এই ছবিখনত শ্বাহৰুখ আৰু নয়নতৰাক একেলগে ৰূপালী পৰ্দাত দেখি অনুৰাগীসকল অতিশয় উৎসাহিত হৈ পৰিছে । কেৱল এয়াই নহয়, ‘জৱান’ত বিজয় ছেঠুপথিক নেতিবাচক চৰিত্ৰত দেখা পাব ।

'জৱান'ৰ বাবে আৰম্ভ হৈছে বিশেষ শ্ব’

শ্বাহৰুখ খান আৰু তেওঁৰ শেহতীয়া ছবি ‘জৱান’ৰ উৎকণ্ঠা অনুৰাগীৰ মাজত দেখা পোৱা গৈছে । ছবিখনৰ বাম্পাৰ এডভান্স বুকিংৰ প্ৰতি লক্ষ্য ৰাখি দেশৰ বহু ভিন্ন ৰাজ্যত পুৱাৰ শ্ব’ আৰু লেট নাইট শ্ব’ আৰম্ভ কৰা হৈছে । য’ত মুম্বাইৰ গেইটি চিনেমা হলত পুৱা ৬ বজাৰ পৰা আৰম্ভ হৈছে জৱানৰ শ্ব’ ৷

গতিকে অহা ৮ ছেপ্টেম্বৰত গভীৰ নিশা ২:১৫ বজাৰ পৰা পশ্চিম ৰায়গঞ্জত ছবিখনৰ শ্ব’সমূহ প্ৰদৰ্শন কৰা হ’ব । আনহাতে বহু ঠাইত পুৱা ৫:৩০ বজাৰ পৰা স্ক্ৰীনিং ৰখা হৈছে । এনেদৰে শ্বাহৰুখ খানৰ ‘জৱান’ ছবিখনৰ প্ৰদৰ্শন ছবিগৃহত ২৪ ঘণ্টীয়া হ’বলৈ গৈ আছে ।

লগতে পঢ়ক:Fans reaction on Jawan: শ্বাহৰুখ খানৰ ছবি চাই ছবিগৃহতে নৃত্য কৰিলে একাংশই, লগতে ক’লে ‘জৱান ব্লকবাষ্টাৰ’

ABOUT THE AUTHOR

...view details