অসম

assam

ETV Bharat / entertainment

Jawan Chaleya Song: ৪ বছৰৰ পিছত পুনৰ ৰোমান্টিক ষ্টাইলত দেখা গ’ল শ্বাহৰুখ খানক, মুক্তি পালে জৱানৰ নতুন গীত 'চলেয়া'

প্ৰায় ৪ বছৰৰ পিছত আকৌ এবাৰ ৰোমাঞ্চ কৰা দেখা গৈছে শ্বাহৰুখ খানক ৷ মুকলি লাভ কৰিলে জৱানৰ নতুন গীত চলেয়া ৷

By

Published : Aug 14, 2023, 2:16 PM IST

Shah Rukh Khan is back in romantic style after 4 years, Jawan's new song 'Chaleya' is released
৪ বছৰৰ পিছত পুনৰ ৰোমান্টিক ষ্টাইলত দেখা গ’ল শ্বাহৰুখ খানক, মুক্তি পালে জৱানৰ নতুন গীত 'চলেয়া'

বলীউডৰ ছুপাৰষ্টাৰ শ্বাহৰুখ খানৰ ছবি জৱানৰ মুক্তিৰ বাবে আৰম্ভ হৈছে ৰিভাৰ্ছ কাউণ্টডাউন । অনুৰাগীৰ কৌতুহল বৃদ্ধিৰ বাবে জৱানৰ নিৰ্মাতাসকলেও ছবিখনৰ সৈতে জড়িত কোনোবা নহয় কোনোবা তথ্য প্ৰতিদিনে প্ৰকাশ কৰি আহিছে । যোৱা সন্ধিয়া শ্বাহৰুখ খানে নিজৰ ছ’চিয়েল মিডিয়া প্লেটফৰ্মত জৱানৰ নতুন গীত চলেয়াৰ এক আভাস শ্বেয়াৰ কৰে । তাৰ পিছতে আজি গীতটো ছ’চিয়েল মিডিয়াযোগে মুকলি কৰা হয় ৷

শ্বাহৰুখ খানক প্ৰায় ৪ বছৰৰ পিছত আকৌ এবাৰ ৰোমাঞ্চ কৰা দেখা গৈছে জৱানৰ চলেয়া গীতটিত । চালেয়া গীতটিত শ্বাহৰুখ খান আৰু নয়নতৰাৰ সুন্দৰ কেমিষ্ট্ৰী দেখিবলৈ পোৱা গৈছে । ইফালে, গীতটিত কণ্ঠ নিগৰাইছে জনপ্ৰিয় কণ্ঠশিল্পী অৰিজিৎ সিং আৰু শিল্পা ৰাৱে ৷ গীতটিৰ কথা কুমাৰৰ ৷ গীতটিৰ নৃত্য পৰিচালনা কৰিছে ফাৰাহ খানে ৷

গীতটিত অভিনেত্ৰীগৰাকীক হালধীয়া ৰঙৰ ধুনীয়া অফ শ্বোল্ডাৰ গাউন পিন্ধাত অতি ধুনীয়া দেখা গৈছে, আনহাতে শ্বাহৰুখ খানক নীলা প্ৰিণ্টেড চাৰ্ট, ক’লা ট্ৰাউজাৰ আৰু ক’লা চশমা পিন্ধা এক নতুন লুকত দেখা গৈছে । এই গীতটোৰ টিজাৰত শ্বাহৰুখ খানেও ডিডিএলজেৰ আইকনিক ভংগীমাত দুবাহু মেলি নয়নতৰাৰ সৈতে ৰোমাঞ্চ কৰা দেখা গৈছে । ৰোমাঞ্চৰ ৰজা বুলি অভিহিত শ্বাহৰুখ খানক পুনৰবাৰ ৰোমান্টিক ষ্টাইলত দেখাৰ পিছত তেওঁৰ অনুৰাগীসকলৰ মাজত পুনৰ এক আনন্দৰ জোৱাৰ উঠা দেখা গৈছে ।

আপোনালোকক জনাই দিও যে, শেহতীয়াকৈ AskSRKৰ এক অধিবেশনত শ্বাহৰুখ খানে কয় যে, চলেয়া গীতটো তেওঁৰ হৃদয়ৰ অতি ওচৰৰ । ছবিখনৰ এয়া তেওঁৰ প্ৰিয় গীত । কাৰণ তাত ৰোমাঞ্চ, মধুৰতা আছে । উল্লেখ্য যে, এটলী কুমাৰৰ দ্বাৰা পৰিচালিত শ্বাহৰুখ খানৰ ছবি জৱান অহা ৭ ছেপ্টেম্বৰত তামিল, তেলেগু আৰু হিন্দী ভাষাত ছবিগৃহত মুক্তি পাবলৈ ওলাইছে । য’ত শ্বাহৰুখ খান, নয়ন্তৰা, বিজয় ছেঠুপথীৰ লগতে বহু অভিনেতাক গুৰুত্বপূৰ্ণ চৰিত্ৰত অভিনয় কৰা দেখিবলৈ পোৱা যাব ।

লগতে পঢ়ক:Priyanka Chopra: স্বামী নিকক মঞ্চত সংগীত পৰিৱেশন কৰা দেখি আৱেগিক হৈ পৰিল প্ৰিয়ংকা; চাওক ভিডিঅ’

ABOUT THE AUTHOR

...view details