অসম

assam

SRK calls Female Fan: কৰ্কট ৰোগত আক্ৰান্ত মহিলা অনুৰাগীৰ শেষ ইচ্ছা পূৰণ কৰিলে শ্বাহৰুখ খানে

By

Published : May 23, 2023, 5:21 PM IST

পুনৰ মহানুভৱতাৰ পৰিচয় দিলে বলীউডৰ বাদশ্বাহ শ্বাহৰুখ খানে ৷ ৬০ বছৰীয়া কৰ্কট ৰোগত আক্ৰান্ত ৰোগীৰ শেষ ইচ্ছা পূৰণ কৰিলে শ্বাহৰুখ খানে ৷ সবিশেষ জানিবলৈ পঢ়ক এই প্ৰতিবেদন ৷

Shah Rukh Khan fulfills terminal cancer patients last wish, promises to attend wedding of ailing fans daughter
কৰ্কট ৰোগত আক্ৰান্ত অনুৰাগীৰ সৈতে ভিডিঅ’ কলত কথা পাতিলে অভিনেতাগৰাকীয়ে

চিটাৰা ডেস্ক, 23 মে’: বলীউডৰ ‘বাদশ্বাহ’ শ্বাহৰুখ খানৰ অনুৰাগীৰ অভাৱ নাই । দেশ-বিদেশত ক’বলৈ গোটেই বিশ্বৰ চুকে-কোণে ‘কিং খান’ৰ ফেন ফ’ল’ৱাৰ্ছ আছে ৷ শেহতীয়াকৈ শ্বাহৰুখ খানৰ এগৰাকী মহিলা অনুৰাগীৰ কথা পোহৰলৈ আহিছে, যিগৰাকী অনুৰাগী কেন্সাৰ ৰোগত আক্ৰান্ত ৷ যিহেতু মহিলাগৰাকী কেন্সাৰ ৰোগত আক্ৰান্ত সেয়াহে, মৃত্যুৰ পূৰ্বে এবাৰ শ্বাহৰুখ খানক লগ কৰিব বিচাৰে (SRK fulfills terminal cancer patient wish)।

কলকাতাত বাস কৰা এইগৰাকী লেডী ফেনে কেন্সাৰত আক্ৰান্ত হৈ জীৱনৰ শেষ দিনবোৰ গণনা কৰি আছে । শ্বাহৰুখ খানে তেওঁৰ এই ডাই হাৰ্ড ফেনৰ বিষয়ে গম পোৱাৰ লগে লগে তেওঁৰ শেষ ইচ্ছা পূৰণৰ বাবে পদক্ষেপ লয় (Shah rukh khan talks to cancer patient fan)।

ভিডিঅ’ কলযোগে মহিলাগৰাকীৰ সৈতে কথা পাতিলে কিং খানে

ছ’চিয়েল মিডিয়াত বিয়পি পৰা খবৰ অনুসৰি শ্বাহৰুখ খানে নিজৰ ব্যস্ত সময়ৰ পৰা প্ৰায় ৪০ মিনিট সময় উলিয়াই ভিডিঅ’ কলত মহিলা অনুৰাগী শিৱানীৰ সৈতে কথা পাতিছিল । ইয়াৰ লগতে অভিনেতাগৰাকীয়ে এই মহিলা অনুৰাগীগৰাকীক আৰ্থিকভাৱে সহায় কৰাৰ প্ৰতিশ্ৰুতিও দিছিল । ভিডিঅ’ কলত শ্বাহৰুখ আৰু শিৱানীৰ বক্তব্যৰ এখন ছবিও ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে । ইয়াৰ পিচতে কিং খানৰ প্ৰশংসাত পঞ্চমুখৰ হৈ পৰে অনুৰাগী ৷

অনুৰাগীৰ দৃষ্টিত নিজৰ স্থান আৰু উচ্চ কৰিবলৈ সক্ষম কিং খান

শ্বাহৰুখ খানে মহিলাগৰাকীৰ সৈতে ভিডিঅ’ কলত কথা পাতি নিজৰ মহানুভৱতাৰ পৰিচয় দিয়ে ৷ এতিয়া শ্বাহৰুখ খানৰ এই মহানুভৱতাক ছ’চিয়েল মিডিয়াত বহুত প্ৰশংসা কৰিছে । অনুৰাগীয়ে শ্বাহৰুখ খানক প্ৰকৃত কিং বুলি আখ্যা দিছে । একে সময়তে বহু অনুৰাগীয়ে শ্বাহৰুখ খানৰ এই ভিডিঅ’টোৰ কমেন্ট বক্সত ৰেড হাৰ্ট ইমোজি শ্বেয়াৰ কৰিছে (Shah rukh khan fan from kolkata) ।

উল্লেখ্য যে, শিৱানী নামৰ এই মহিলা অনুৰাগীগৰাকী কেন্সাৰৰ শেষ পৰ্যায়ত আছে (SRK cancer fan) । মহিলাগৰাকীয়ে এই কথা ব্যক্ত কৰিছিল যে তেওঁ শ্বাহৰুখ খানক এবাৰ লগ পাব বিচাৰে, শ্বাহৰুখ খানৰ সৈতে খাদ্য বনাব বিচাৰে আৰু সন্মুখত বহি বহু ধৰণৰ কথা পাতিব বিচাৰে ৷

লগতে পঢ়ক:Cannes 2023 : কাঁ চলচ্চিত্ৰ মহোৎসৱত মহিলাৰ অদ্ভুত কাণ্ড, চাওক ভিডিঅ’

ABOUT THE AUTHOR

...view details