অসম

assam

By

Published : May 27, 2022, 12:00 PM IST

ETV Bharat / entertainment

Shah Rukh Khan viral video:কৰণ জোহৰৰ জন্মদিনৰ পৰা শ্বাহৰুখৰ ভিডিঅ’ ভাইৰেল

কৰণ জোহৰৰ জন্মদিনৰ পাৰ্টীত গোপনে প্ৰৱেশ কৰিলে শ্বাহৰুখ খানে । বাৰ্থডে’ পাৰ্টীৰ নৃত্যৰ মজিয়াৰ পৰা এতিয়া ভাইৰেল হৈ পৰিছে 'কিং খান'ৰ নৃত্যৰ এটা ভিডিঅ' (Shah Rukh Khan viral video) । জানোচোন আহক শ্বাহৰুখে কিয় গোপনে প্ৰৱেশ কৰিছিল এই অনুষ্ঠানটোত-

Shah Rukh Khan
কৰণ জোহৰৰ জন্মদিনৰ পৰা শ্বাহৰুখৰ ভিডিঅ’ ভাইৰেল

চিটাৰা ডেস্ক, 27মে’ :চলচ্চিত্ৰ পৰিচালক কৰণ জোহৰে তেওঁৰ ৫০ তম জন্মদিন অতি ধুমধামেৰে উদযাপন কৰিলে । বলীউডৰ নামী-দামী তাৰকাসকলৰ সৈতে এক বিশাল অনুষ্ঠানত কৰণ জোহৰে এইবাৰ তেওঁৰ বিশেষ দিনটো উদযাপন কৰে (Karan Johar birthday bash)। কৰণে ৰেড কাৰ্পেট পাৰি নিমন্ত্ৰিত অতিথিসকলক আদৰণি জনায় । সামগ্ৰিকভাৱে, কৰণ জোহৰে তেওঁৰ জন্মদিনৰ অনুষ্ঠানটোত কোনো ফালৰ পৰা কোনো ধৰণৰ খুঁত ৰখা নাছিল ৷ উপস্থিত অতিথিৰ মাজত কেৱল মাত্ৰ এজন মানুহৰ অনুপস্থিতি সকলোৱে অনুভৱ কৰিছিল ৷

বলীউডৰ বাদশ্বাহে দেৰিকৈ এন্ট্ৰি মাৰে বাৰ্থডে’ পাৰ্টীত ৷ দুদিনীয়াকৈ চলিছিল কৰণৰ এই বাৰ্থডে’ পাৰ্টী ৷ সকলোৱেই সাজিকাচি আহি পাৰ্টীত অংশ লৈছিলহি ৷ অহা নাছিল কেৱল শ্বাহৰুখ খান ৷ কিন্তু অৱশেষত কৰণক চাৰপ্ৰাইজ দিলে বাদশ্বাহে ৷ জন্মদিনৰ পাৰ্টীত গোপনে প্ৰৱেশ কৰিলে শ্বাহৰুখে ৷ প্ৰৱেশ কৰিয়েই ডান্স ফ্ল’ৰত নৃত্য কৰিবলৈ আৰম্ভ কৰিছিল শ্বাহৰুখে ৷ সকলোৰে দৃষ্টি আছিল শ্বাহৰুখৰ ওপৰত ৷

শ্বাহৰুখ খানৰ এই নৃত্যৰ ভিডিঅ'টো এতিয়া সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে (Shah Rukh Khan viral video)। শ্বাহৰুখে ক'লা পোছাক পৰিধান কৰি পাৰ্টীত অংশ লৈছিল । এই ভাইৰেল ভিডিঅ'টোত শ্বাহৰুখক তেওঁৰ নিজৰ ছবি কুছ-কুছ হোতা হেৰ চুপাৰহিট গান কোই মিল গয়াত নাচি থকা দেখিবলৈ পোৱা গৈছে ৷

শ্বাহৰুখে কৰণ জোহৰৰ পাৰ্টীত গোপনে প্ৰৱেশ কৰাৰ কাৰণ আছিল পাপাৰাজ্জীৰ পৰা আঁতৰি থকা । কিন্তু দেৰিকৈ হ’লেও শ্বাহৰুখৰ অনুৰাগীসকলে তেওঁৰ এক আভাস পাবলৈ সক্ষম হয় । কৰণ জোহৰ আৰু শ্বাহৰুখ খান পৰিয়ালৰ মাজৰ সম্পৰ্ক তেনেই ঘৰুৱা নিচিনা ।

কৰ্মক্ষেত্ৰৰ বিষয়ে ক'বলৈ গ'লে, 2018 চনৰ জিৰো চলচ্চিত্ৰৰ (Shah Rukh Khan last movie) পিছত এতিয়া শ্বাহৰুখ খানে পাঠান চলচ্চিত্ৰখনৰ জৰিয়তে 5 বছৰৰ পিছত পৰ্দালৈ উভতি আহিব (Shahrukh Khan upcoming movie pathan) । চলচ্চিত্ৰখন ২০২৩ চনৰ ২৫ জানুৱাৰীত মুক্তি পাব । ইয়াৰ উপৰিও শ্বাহৰুখ খানে বিখ্যাত চলচ্চিত্ৰ পৰিচালক ৰাজকুমাৰ হিৰাণীৰ সৈতে ডঙ্কি চলচ্চিত্ৰত কাম কৰি আছে (Shah Rukh Khan upcoming movies)।

লগতে পঢ়ক:কৰণ জোহৰৰ বাৰ্থডে’ পাৰ্টীত গ্লেমাৰৰ পয়োভৰ

ABOUT THE AUTHOR

...view details