চিটাৰা ডেস্ক, 1 ছেপ্টেম্বৰ: সীমা হাইদৰ আৰু শচীন মীনাক চিনি নোপোৱা মানুহ হয়তো এতিয়া বহু কমে ওলাব ৷ গতিকে পুনৰ সীমাৰ পৰিচয়ৰ কৰা দিয়াৰ হয়তো প্ৰয়োজন নাই ৷ অৱশ্যে সীমা-শচীন কোনো চেলিব্ৰিটি নহয় যদিও চেলিব্ৰিটিতকৈ কমো নহয় ৷ এই কাৰণেই কৈছো কাৰণ পাকিস্তানৰ পৰা নিজৰ প্ৰেমৰ বাবে চাৰি সন্তানকলৈ ভাৰতলৈ অহাৰ পিচতে নিশাটোৰ ভিতৰতে জনপ্ৰিয় হৈ পৰে সীমা ৷ ইয়াৰ পিচতে শচীনৰ নয়ডাৰ ঘৰলৈ আগমন ঘটে বহু সংবাদদাতাৰ ৷ কেৱল ইমানেই নহয় সীমাৰ জীৱনৰ আধাৰত আনকি ছবিও নিৰ্মাণ হৈ আছে ৷ মুঠৰ ওপৰত এতিয়া ছ’চিয়েল মিডিয়াৰ তাৰকা হৈ পৰিছে সীমা ৷
ইয়াৰ মাজতে এতিয়া সীমাৰ বিষয়ে এটা খবৰ দ্ৰুতগতিত ভাইৰেল হৈ পৰিছে ছ’চিয়েল মিডিয়াত ৷ টিভিৰ জনপ্ৰিয় শ্ব’ বিগ বছ আৰু দ্য কপিল শৰ্মা শ্ব’ পৰা নিমন্ত্ৰণ লাভ কৰিছে সীমা আৰু শচীনে ৷ এতিয়া এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে সীমা হাইদৰ আৰু তেওঁৰ অধিবক্তা এ পি সিঙে ৷
বিগ বছ আৰু দ্য কপিল শৰ্মা শ্ব’লৈ যাবলৈ অস্বীকাৰ কৰিছে সীমাই। সীমাই এই সন্দৰ্ভত এটা ভিডিঅ’ শ্বেয়াৰ কৰিছে ৷ ভিডিঅ’টোত সীমাই কয় যে তেওঁৰ এই দুটা শ্ব’ত অংশগ্ৰহণ কৰাৰ কোনো পৰিকল্পনা বৰ্তমান নাই । লগতে তেওঁ কয় যে যদি ভৱিষ্যতে কেতিয়াবা দ্য কপিল শৰ্মা শ্ব’ আৰু বিগ বছলৈ যোৱাৰ কথা ভাবে তেন্তে সকলোকে অৱগত কৰিব ।