চিটাৰা ডেস্ক, 12 মাৰ্চ: আজি বলীউডৰ জনপ্ৰিয় অভিনেত্ৰী য়ামী গৌতমৰ স্বামী তথা পৰিচালক আদিত্য ধৰৰ জন্মদিন (Aditya Dhars 40th birthday) ৷ আজি পৰিচালকগৰাকীৰ 40 সংখ্যক জন্মদিন ৷ জন্মদিন উপলক্ষে পৰিচালগৰাকীৰ পত্নী য়ামী গৌতমে জন্মদিনৰ শুভেচ্ছা জ্ঞাপন কৰে ৷ ইনষ্টাগ্ৰামত য়ামীৰ স্বামীৰ সৈতে নিজৰ এখন ফটো শ্বেয়াৰ কৰি য়ামীয়ে লিখিছে, “মোৰ পৃথিৱীখনলৈ জন্মদিনৰ শুভেচ্ছা থাকিল ।”
কেপচনটোত লগতে অভিনেত্ৰীগৰাকীয়ে এটা ৰঙা হৃদয়ৰ ইমোজিও দিছিল (Yami Gautam wished her husband on his birthday) । জন্মদিন উপলক্ষে য়ামীয়ে আপলোড কৰা ফটোখনত যুটিটোৱে একেলগে হাঁহি থকা পৰিলক্ষিত হৈছে ৷ ফটোখনত য়ামী আৰু আদিত্যই ক’লা ৰঙৰ কাপোৰ পৰিধান কৰি আছিল । উল্লেখ্যে যে, ২০২১ চনৰ ৪ জুনত, হিমাচল প্ৰদেশৰ এক ব্যক্তিগত অনুষ্ঠানত য়ামী আৰু আদিত্যই বিবাহপাশত আবদ্ধ হৈছিল (Aditya Dhar and Yami Wedding)।
ইফালে ইনষ্টাগ্ৰামত অভিনেতা বিকি কৌশলে আদিত্যৰ এখন ছবি শ্বেয়াৰ কৰি কেপচনত লিখিছিল, "হেপি বাৰ্থডে মোৰ ভাই,"। বিকি আৰু আদিত্যই প্ৰথমবাৰৰ বাবে কাম কৰিছিল একচন থ্ৰিলাৰ ছবি ‘উৰি: দ্য চাৰ্জিকেল ষ্ট্ৰাইক’ত ৷ যিখন ছবি বক্স অফিচ ব্লকবাষ্টাৰ ৰূপে পৰিগণিত হয় ৷ ২০১৯ চনত মুক্তি পোৱা ছবিখনত য়ামী গৌতম, পৰেশ ৰাৱাল আৰু কীৰ্তি কুলহাৰীয়েও গুৰুত্বপূৰ্ণ চৰিত্ৰত অভিনয় কৰিছিল ।