চিটাৰা ডেস্ক, ৯ জানুৱাৰী: অহা ২২ জানুৱাৰীত অনুষ্ঠিত হ’ব ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠা অনুষ্ঠান । এই ঐতিহাসিক দিনটোৰ সাক্ষী হ’ব চিনেমা জগতৰ বহু ডাঙৰ তাৰকা ৷ হয়, চিনেমাজগতৰ বহু ডাঙৰ ডাঙৰ তাৰকালৈ পঠিওৱা হৈছে আমন্ত্ৰণ পত্ৰ । কেৱল বলীউডেই নহয়, চাউথ চেলিব্ৰিটিকো আমন্ত্ৰণ জনোৱা হৈছে । লগতে টেলিভিজনৰ বহু অভিনেতা-অভিনেত্ৰীকো আমন্ত্ৰণ জনোৱা হৈছে ৷ গতিকে আমন্ত্ৰিত অতিথিৰ সম্পূৰ্ণ তালিকাখন চাওঁ আহক...
অনুপম খেৰ
বলীউডৰ প্ৰবীণ অভিনেতা অনুপম খেৰক অযোধ্যা ৰাম মন্দিৰত ৰাম লালাৰ প্ৰাণ প্ৰতিষ্ঠা অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ আমন্ত্ৰণ জনোৱা হৈছে ।
কংগনা ৰনৌত
কংগনা ৰনৌতৰ নাম এই তালিকাত অন্তৰ্ভুক্ত আছে । অভিনেত্ৰীগৰাকীয়ে নিজেই এই তথ্য ছ’চিয়েল মিডিয়াত শ্বেয়াৰ কৰিছিল ।
অমিতাভ বচ্চন
অনুপম খেৰৰ উপৰিও প্ৰবীণ অভিনেতা অমিতাভ বচ্চনকো এই অনুষ্ঠানত অংশগ্ৰহণৰ বাবে আমন্ত্ৰণ জনোৱা হৈছে ।
টাইগাৰ শ্ৰফ
জেকী শ্ৰফ আৰু তেওঁৰ পুত্ৰ বলীউডৰ অভিনেতা টাইগাৰ শ্ৰফেও ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠা অনুষ্ঠানৰ বাবে আমন্ত্ৰণ পত্ৰ লাভ কৰিছে ।
আলিয়া ভাট-ৰণবীৰ কাপুৰ
বলীউডৰ মৰমলগা দম্পতী আলিয়া ভাট আৰু ৰণবীৰ কাপুৰেও এই ঐতিহাসিক দিনটোৰ সাক্ষী হ’ব । কাৰণ তেওঁলোকেও লাভ কৰিছে আমন্ত্ৰণ পত্ৰ ৷