চিটাৰা ডেস্ক, ২৭ এপ্ৰিল : বলীউডৰ অভিনেতা-অভিনেত্ৰীসকলক নিজৰ ব্যক্তিগত বাহনতে ভ্ৰমণ কৰা দেখা যায় ৷ বাছ, মেট্ৰ’ আদিত সততে অভিনেতা-অভিনেত্ৰীসকলক ভ্ৰমণ কৰা দেখা পোৱা নাযায় ৷ কিন্তু শেহতীয়াকৈ বলীউডৰ এগৰাকী অভিনেত্ৰীক দেখা পোৱা গ’ল মুম্বাই মেট্ৰ’ত ৷ হয়, ছাইফ আলী খান আৰু অমৃতা সিঙৰ কন্যা তথা অভিনেত্ৰী ছাৰা আলী খানক মেট্ৰ’ত ভ্ৰমণ কৰা দেখা গ’ল (Sara Ali Khan travels by metro) ৷
অভিনেত্ৰীগৰাকীয়ে ইনষ্টাগ্ৰাম ষ্ট’ৰীত শ্বেয়াৰ কৰিছে ভিডিঅ’ , য’ত অভিনেত্ৰীগৰাকীক মেট্ৰ’ত বহি থকা দেখা পোৱা গৈছে । বগা কুৰ্তা আৰু চশমা পৰিধান কৰা ছাৰাক হাঁহি এটা মাৰি কেমেৰাৰ ফালে হাত জোকাৰি থকা দেখা গ’ল (Sara Ali Khan in metro)।
‘মেট্ৰ’ ইন ডিনো’ৰ সহ অভিনেতা আদিত্য ৰয় কাপুৰ আৰু পৰিচালক অনুৰাগ বসুক টেগ কৰি পোষ্টটোৰ কেপচনত ছাৰাই লিখিছে, "মুম্বাই মেৰী জান ৷ আপোনালোক অহাৰ পূৰ্বেই মই মুম্বাই মেট্ৰ’ত থাকিম বুলি ভবা নাছিলো ।"
ইয়াৰ পৰা বুজিব পাৰি যে ছাৰাই নিজৰ আগন্তুক ছবি ‘মেট্ৰ’ ইন ডিনো’ৰ শ্বুটিং আৰম্ভ কৰিছে ৷ যিখন ছবি আপাত দৃষ্টিত ‘লাইফ ইন এ মেট্ৰ’ৰ জনপ্ৰিয় গীত ‘ইন ডিনো’ৰ পৰাই নিজৰ শিৰোনাম লাভ কৰিছে । এই ছবিখনত সমসাময়িক কালৰ ওপৰত ভিত্তি কৰি মানৱ সম্পৰ্কৰ তিতা-মিঠা কাহিনী প্ৰদৰ্শন কৰা হ’ব (Sara Ali Khan took a Metro ride in Mumbai) ।