চিটাৰা ডেস্ক, 10মে’: প্ৰবীণ সন্তুৰ ওস্তাদ আৰু সংগীতজ্ঞ পণ্ডিত শিৱ কুমাৰ শৰ্মাৰ মঙলবাৰৰ পুৱা পৰলোকপ্ৰাপ্তি ঘটে ৷ পৰিয়ালৰ সূত্ৰই জানিবলৈ দিয়া মতে হৃদৰোগত আক্ৰান্ত হৈ মৃত্যু ঘটে তেওঁৰ ( Shiv Kumar Sharma death) । মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৮৪ বছৰ । ভাৰতৰ অন্যতম প্ৰসিদ্ধ শাস্ত্ৰীয় সংগীতজ্ঞ শৰ্মাই আগন্তুক সপ্তাহত ভূপালত দৰ্শন কৰাৰ কথা আছিল । তেওঁ বৃক্কৰ ৰোগতো ভুগি আছিল ( Shiv Kumar Sharma death reason) ।
পৰিয়ালৰ এটা সূত্ৰই সদৰি কৰা মতে, "পুৱা প্ৰায় ৯ বজাত তেওঁ হৃদৰোগত আক্ৰান্ত হৈছিল ৷ তেওঁ সুষ্ঠ আছিল আৰু অহা সপ্তাহত ভূপালত দৰ্শন কৰাৰ কথা আছিল । তেওঁৰ নিয়মীয়াকৈ ডায়েলাইচিছ কৰা হৈছিল যদিও তেওঁ সক্ৰিয় আছিল" ৷
পদ্মবিভূষণ বঁটা প্ৰাপক শৰ্মাৰ জন্ম 1938 চনত জম্মুত হৈছিল ৷ তেওঁক জম্মু কাশ্মীৰৰ লোক বাদ্যযন্ত্ৰ সন্তুৰত ভাৰতীয় শাস্ত্ৰীয় সংগীত বজোৱা প্ৰথম সংগীতজ্ঞ বুলি বিশ্বাস কৰা হয় (Santoor maestro Shiv Kumar Sharma) । তেওঁৰ পুত্ৰ ৰাহুল শৰ্মাও এজন সন্তুৰ বাদক ।
"পণ্ডিত শিৱ কুমাৰ শৰ্মাজীৰ মৃত্যুৱে এটা যুগৰ সমাপ্তি চিহ্নিত কৰে । তেওঁ সন্তুৰৰ পথপ্ৰদৰ্শক আছিল আৰু তেওঁৰ অৱদান অতুলনীয় । মোৰ বাবে, এয়া এক ব্যক্তিগত ক্ষতি আৰু মই তেওঁক আজীৱন মনত ৰাখিম । তেওঁৰ আত্মাই শান্তি লাভ কৰক । তেওঁলোকৰ সংগীত সদায় জীয়াই থাকিব! ওম শান্তি," সৰোদ বাদক আমজাদ আলী খানে টুইটাৰত এইদৰে নিজৰ মনোভাৱ প্ৰকাশ কৰিলে ৷
লগতে পঢ়ক:Ayushmann Khurrana new movie: আয়ুষ্মান খুৰানাৰ নতুন ছবি অনেকৰ ট্ৰেইলাৰ মুকলি