চিটাৰা ডেস্ক, 28 মাৰ্চ: নিজৰ অভিনয়ৰ বাবে সৰ্বাধিক ধন লোৱা দক্ষিণ ভাৰতৰ অন্যতম অভিনেত্ৰীগৰাকীয়ে হৈছে সামন্থা ৰুথ প্ৰভু (Samantha Ruth Prabhu) ৷ শেহতীয়াকৈ সামন্থা ৰুথ প্ৰভুৱে কয় যে, সম্পৰ্ক ভংগ হোৱাৰ পিচতো পৰিস্থিতিৰ প্ৰতি তেওঁৰ ক্ষোভ নাই । অভিনেত্ৰীগৰাকীয়ে কয় যে, তেওঁৰ এতিয়াও বহুত মৰম আছে আৰু তেওঁ "অতি মৰমিয়াল"।
সামন্থা আৰু নাগ চৈতন্যই 2021 চনত তেওঁলোকৰ বিচ্ছেদৰ খবৰ ৰাজহুৱা কৰিছিল আৰু তেতিয়াৰ পৰাই অভিনেত্ৰীগৰাকীয়ে আৱেগিক আৰু শাৰীৰিকভাৱে প্ৰত্যাহ্বানমূলক পৰ্যায়ৰ মাজেৰে পাৰ হৈ আহিছে (Samantha Ruth Prabhu relationship)। সম্প্ৰতি নিজৰ ছবি শ্বাকুন্তলামৰ প্ৰচাৰ কৰা সামান্থাই কয় যে, তেওঁ নিজৰ চৰিত্ৰটোৰ সৈতে সংযোগ স্থাপন কৰিছিল যিয়ে “আটাইতকৈ বেয়া প্ৰতিকূলতাৰ মাজেৰে পাৰ হৈছিল যদিও নিজকে মৰ্যাদা আৰু ধৈৰ্য্যৰে ধৰি ৰাখিছিল”।
14 এপ্ৰিলত মুক্তি পাবলগীয়া শকুন্তলম ছবিখনত 35 বছৰীয়া অভিনেত্ৰীগৰাকীয়ে মুখ্য চৰিত্ৰত অভিনয় কৰিছে (Shaakuntalam release date) । ছবিখনত অভিনয় কৰিছে দেৱ মোহন, মোহন বাবু, আৰু শচীন খেদেকাৰে । যিহেতু এই ছবিখন প্ৰেমৰ আধাৰত নিৰ্মিত হৈছে, সেয়েহে শেহতীয়াকৈ দিয়া এক সাক্ষাৎকাৰত সামন্থাক প্ৰেমৰ বিষয়ে সাংবাদিকে প্ৰশ্ন কৰিছিল (Samantha Ruth Prabhu talks about relationship) ৷