অসম

assam

ETV Bharat / entertainment

Samantha Ruth Prabhu: অৱশেষত পুষ্পা ২ ত কেমিওৰ বিষয়ে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিলে সামান্থাই

আল্লু অৰ্জুনৰ সৈতে সামান্থা ৰুথ প্ৰভুৱে পুষ্পা: দ্য ৰাইজৰ গীত ও অন্তাভা অভিনয় কৰিছিল । শেহতীয়াকৈ এক সাক্ষাৎকাৰত পুষ্পা ২ ত সামান্থাক দেখা পোৱা যাব নে বুলি প্ৰশ্ন কৰা হৈছিল (Pushpa 2) ৷ প্ৰশ্নৰ উত্তৰত অভিনেত্ৰীগৰাকীয়ে কি ক’লে জানিবলৈ পঢ়ক এই প্ৰতিবেদন ৷

Samantha Ruth Prabhu finally clears the air about cameo in Pushpa 2
পুষ্পা ২ৰ বিষয়ে কি ক’লে সামান্থাই

By

Published : Apr 11, 2023, 9:38 PM IST

চিটাৰা ডেস্ক, 11 এপ্ৰিল: পুষ্পা: দ্য ৰাইজৰ প্ৰথম খণ্ডত আল্লু অৰ্জুনৰ সৈতে পুষ্পা গীত ও অন্তাভাত অভিনয় কৰিছিল দক্ষিণৰ জনপ্ৰিয় অভিনেত্ৰী সামান্থা ৰুথ প্ৰভু (Oo antava song) । এই গীতটিত সামান্থা আৰু আল্লু অৰ্জুনৰ কেমিষ্ট্ৰীৰ প্ৰতি অনুৰাগীসকল আকৰ্ষিত হৈছিল । ইতিমধ্যে যোৱা বছৰৰ নৱেম্বৰ মাহত পুষ্পা ২ৰ শ্বুটিং আৰম্ভ হৈছে । শেহতীয়াকৈ দিয়া এক সাক্ষাৎকাৰত সামান্থাক পুষ্পা ২ ছবিখনত কেমিঅ’ৰ বিষয়ে প্ৰশ্ন সোধা হৈছিল (Pushpa 2) ৷

প্ৰশ্নৰ উত্তৰত অভিনেত্ৰীগৰাকীয়ে নিশ্চিত কৰে যে তেওঁ এই ছবিখনত কাম নকৰে। দ্য পুষ্পা: দ্য ৰাইজৰ বিশেষ অতিথি তাৰকা সামান্থা ৰুথ প্ৰভুৱে নিশ্চিত কৰিছে যে তেওঁ ফ’ল’-আপ, পুষ্পা ২: দ্য ৰুলত অভিনয় নকৰে । শেহতীয়াকৈ দিয়া এক সাক্ষাৎকাৰত স্পষ্ট কৰি দিছিল যে, পুষ্পা ২ত তেওঁ কোনো নৃত্য প্ৰদৰ্শন নকৰে (Allu Arjun in pushpa 2)।

অভিনেত্ৰীগৰাকীৰ সাক্ষাৎকাৰ লোৱাজনে পুষ্পাত সামান্থাক দৰ্শকে পছন্দ কৰা বুলি কোৱা কথাৰ উত্তৰত সামান্থাই তেওঁক বাক্যৰ মাজভাগত কাটি উত্তৰ দি কয়, "নাই, আপুনি মোক যি প্ৰশ্ন কৰিব মই জানো । পইণ্টত উপস্থিত হোৱাৰ পূৰ্বেই মই আপোনাক জনাই দিওঁ যে মই কোনো গীতত নৃত্য নকৰো ।" যোৱা সপ্তাহত পুষ্পা ২ৰ ফাৰ্ষ্ট লুক পোষ্টাৰ মুকলি কৰিছিল ছবিখনৰ নিৰ্মাতাসকলে । পোষ্টাৰখনত আল্লু অৰ্জুনক শাৰী পৰিধান কৰাৰ লগতে মেকআপ লুকত দেৱী কালিৰ দৰে দেখা পোৱা গৈছিল (Samantha Ruth Prabhu)।

ছবিখনৰ প্ৰথম খণ্ডৰ শেষৰ ফালে মূল বিৰোধী হিচাপে পৰিচয় কৰাই দিয়া ফাহাধ ফাচিলে দ্বিতীয় খণ্ডত পুনৰ অভিনয় কৰিব বুলি জানিব পৰা গৈছে । তেওঁলোকৰ সংঘাতৰ কেন্দ্ৰবিন্দু হ’ব এই ছবিখন । দ্বিতীয় খণ্ডত শ্ৰীৱল্লীৰ চৰিত্ৰত অভিনয় কৰা ৰশ্মিকা মান্দানাকো দেখা যাব ।

পুষ্পা: দ্য ৰাইজত থাগেডে লে অভিব্যক্তিয়ে জনপ্ৰিয় কৰি তুলিছিল আল্লু অৰ্জুনক । বিগত বছৰৰ এটা অনুষ্ঠানত তেওঁ দ্বিতীয় খণ্ডৰ বাবে নতুন কেচফ্ৰেজ ঘোষণা কৰিছিল, য'ত কৈছিল: "যদি পুষ্পা ১ ৰ থাগেডে লে আছিল, তেন্তে পুষ্পা ২ ৰ আছালু থাগেডে লে হ’ব।" তেওঁ ছবিখনৰ প্ৰতি যি উৎসাহ অনুভৱ কৰিছে সেয়াও দৰ্শকৰ মাজলৈ যাব বুলি আশা প্ৰকাশ কৰে ।

লগতে পঢ়ক:Shehnaaz Gill: ৰাঘৱ জুৱালৰ সৈতে ডেটিঙৰ খবৰৰ মাজতে শ্বেহনাজে শ্বেয়াৰ কৰিলে হৃদয়বিদাৰক গীত

ABOUT THE AUTHOR

...view details