চিটাৰা ডেস্ক, 18 নৱেম্বৰ :আল্লু অৰ্জুন অভিনীত ছবি ‘পুষ্পা-দ্য ৰাইজ’ৰ আইটেম নম্বৰ ‘উ আন্তৱা’ৰে সমগ্ৰ বিশ্বতে খলকনি তোলা দক্ষিণৰ চুপাৰহিট অভিনেত্ৰী সামান্থা ৰুথ প্ৰভুৱে অভিনেতা নাগা চৈতন্যৰ সৈতে বিবাহ বিচ্ছেদৰ পিছত বাতৰিৰ শিৰোনাম দখল কৰি আছে । ব্যক্তিগত আৰু পেছাদাৰী দুয়োটা দিশৰ পৰাই সামান্থা লাইমলাইটত আছে । শেহতীয়াকৈ তেওঁৰ ছবি ‘যশোদা’ৰ ট্ৰেইলাৰে দৰ্শকৰ দৃষ্টি আকৰ্ষণ কৰিছিল আৰু ইয়াৰ মাজতে অভিনেত্ৰী গৰাকী Myositis ৰ বলি হোৱাৰ খবৰ আহিছিল । এই সময়ত তেওঁৰ শুভাকাংক্ষীসকলৰ লগতে সামান্থাৰ শহুৰেক আৰু প্ৰাক্তন স্বামী নাগা চৈতন্যকে ধৰি সকলোৱে তেওঁৰ স্বাস্থ্যৰ বিষয়ে সোধা-পোছা কৰিছিল । এতিয়া এই গোটেই বিষয়টোৰ সন্দৰ্ভত শেহতীয়া আপডেট আহিছে যে প্ৰাক্তন স্বামী নাগা চৈতন্যৰ পৰা সকলো অভিযোগ আঁতৰাই পুনৰ থিতাপি লোৱাৰ পৰিকল্পনা কৰিছে সামান্থাই (Samantha Ruth Prabhu Naga Chaitanya) ।
সংবাদ মাধ্যমৰ বাতৰি অনুসৰি যোৱা 8 নৱেম্বৰত নাগা চৈতন্যই প্ৰাক্তন পত্নী সামান্থাক তেওঁৰ স্বাস্থ্যৰ বিষয়ে সুধিছিল, তাৰ পিছত পুনৰবাৰ সামান্থাই নাগাৰ ফালে মন মেলিছে । নাগাই এনেদৰে তেওঁৰ স্বাস্থ্যৰ খবৰ লোৱা কথাটোৱে তেওঁৰ মনত পুনৰ একেলগে থকাৰ হেঁপাহ জগাই তুলিছে । জানিব পৰা মতে সামান্থাই সিদ্ধান্ত লৈছে যে নাগা আৰু তেওঁৰ পৰিয়ালৰ মাজত হোৱা সকলো পুৰণা কথা পাহৰি তেওঁ জীৱনত আগবাঢ়ি যোৱাৰ সিদ্ধান্ত লৈছে ।
কেতিয়া বিয়া হৈছিল সামান্থা-নাগাৰ