অসম

assam

ETV Bharat / entertainment

Samantha reveals why she entered films: ছবিজগতলৈ কেনেকৈ আহিল সামান্থা ? - সামন্থা ৰুথ প্ৰভুৰ নতুন ফটো

সামন্থা ৰুথ প্ৰভুৱে প্ৰকাশ কৰিছে যে তেওঁ কেতিয়াও চিনেমালৈ অহাৰ কথা পৰিকল্পনা কৰা নাছিল । অভিনেত্ৰী গৰাকীয়ে কফি উইথ কৰণ ৭-ৰ শেহতীয়া খণ্ডটোত অভিনয় জগতলৈ কেনেকৈ আহিলে সেই সন্দৰ্ভত মুকলিকৈ প্ৰকাশ কৰে মনৰ কথা (Samantha on kWK7) ।

Samantha
ছবিজগতলৈ কেনেকৈ আহিল সামান্থা ?

By

Published : Jul 22, 2022, 6:32 PM IST

চিটাৰা ডেস্ক, 22 জুলাই : সামন্থা ৰুথ প্ৰভু বৰ্তমান সকলোৰে পৰিচিত এগৰাকী অভিনেত্ৰী । ভাৰতৰ এগৰাকী জনপ্ৰিয় মহিলা অভিনেত্ৰী হিচাপে আত্মপ্ৰকাশ কৰা সামান্থাৰ কিন্তু নাছিল অভিনেত্ৰী হোৱাৰ পৰিকল্পনা ৷

কফি উইথ কৰণ ৭-ৰ এটা শেহতীয়া খণ্ডত সামান্থাই প্ৰকাশ কৰে যে ঘৰুৱা পৰিস্থিতি সুচল নোহোৱা বাবেই অভিনয় ক্ষেত্ৰখনলৈ ঢাল খাই তেওঁ ৷ হাতত অন্য কোনো পছন্দ নথকাৰ বাবে অভিনয়কে পেছা হিচাপে ল’বলগীয়া হয় তেওঁ ৷ সামান্থাই লগতে কয় যে, পঢ়িবলৈ হাতত টকা নথকাৰ সময়ত দেউতাকে লোন পৰিশোধ কৰিব নোৱাৰিম বুলি কৈছিল, যি শাৰী বাক্যই তেওঁৰ জীৱনৰ গতি সলনি কৰি দিয়ে ৷

তামিল আৰু তেলেগু চিনেমাৰ অন্যতম ডাঙৰ তাৰকা সামান্থাই পূৰ্বে প্ৰকাশ কৰিছিল যে তেওঁৰ প্ৰথম দৰমহা আছিল মাত্ৰ ৫০০ টকা আৰু তেওঁ সেই দৰমহা লাভ কৰিছিল এখন সন্মিলনত পৰিচাৰিকা হিচাপে কাম কৰাৰ বাবদ । অভিনেত্ৰী গৰাকীয়ে লগতে এই কথাও প্ৰকাশ কৰে যে প্ৰথম দৰমহা পোৱাৰ সময়ত তেওঁ স্কুলত আছিল ।

অক্ষয় কুমাৰৰ সৈতে সামন্থাই কৰণৰ বিখ্যাত টক শ্ব’ট এণ্ট্ৰি মাৰে (Samantha on kWK7) । এতিয়া সোনকালেই বলীউডত অভিষেক ঘটাবলৈ সাজু হৈছে অভিনেত্ৰী গৰাকী । জানিব পৰা মতে, আয়ুষ্মান খুৰানাৰ সৈতে তেওঁৰ প্ৰথম ছবিখনত চুক্তিবদ্ধ হৈছে ।

২০২১ চনত মুক্তি লাভ কৰা দ্য ফেমিলি মেন ২ ত অভিনয় কৰি ইতিমধ্যে সামান্থাই হিন্দী মনোৰঞ্জন জগতত স্থান দখল কৰিছে ।

লগতে পঢ়ক:মেগাজিন শ্বুটৰ বাবে নগ্ন হ’ল ৰণবীৰ সিং;নেটিজেনে আকৌ প্ৰশংসা কৰিছে দীপিকাক

ABOUT THE AUTHOR

...view details