চিটাৰে ডেস্ক, 28 মাৰ্চ: দক্ষিণ চলচ্চিত্ৰ জগতৰ জনপ্ৰিয় অভিনেত্ৰী সামন্থা ৰুথ প্ৰভুৰ আগন্তুক ছবি শকুন্তলমত আত্মপ্ৰকাশ কৰিব আল্লু অৰ্জুনৰ কন্যা আল্লু আৰহাই (Samantha Ruth Prabhus upcoming film Shaakuntalam)। শকুন্তলমৰ ট্ৰেইলাৰত আৰহাৰ কিছু আভাস পোৱা গৈছিল । শেহতীয়াকৈ সামন্থাই আল্লু অৰ্জুন আৰু তেওঁৰ পত্নী আল্লু স্নেহা ৰেড্ডীৰ ৬ বছৰীয়া কন্যাৰ সৈতে কাম কৰাৰ সময়ত কৰা কেইটামান আকৰ্ষণীয় পৰ্যবেক্ষণ শ্বেয়াৰ কৰিছে (Samantha Ruth Prabhu on Allu Arha) ।
সম্প্ৰতি শকুন্তলমৰ প্ৰচাৰত ব্যস্ত সামন্থা (Samantha Ruth Prabhu praises Allu Arha) ৷ ছবিখনৰ প্ৰচাৰ কৰাৰ সময়ত এটা সাক্ষাৎকাৰত অভিনেত্ৰীগৰাকীয়ে আৰহাৰ বিষয়ে দীঘলীয়াকৈ বহু কথা উল্লেখ কৰে । সাক্ষাৎকাৰটোত সামন্থাই আৰহাৰ বিষয়ে কয় যে, আৰহা এগৰাকী প্ৰতিভাৱান কন্যা । প্ৰায় ২০০ ক্ৰু মেম্বাৰ ব্যস্ত হৈ থকা আৰহাৰ প্ৰথম ছবিখনৰ চেটতো আত্মবিশ্বাসী আছিল আৰহা ৷ তিলমানো ভয় কৰা নাছিল আৰহাই (Samantha Ruth Prabhu calls Allu Arha supersta) ৷
সামন্থাৰ মতে, আৰহা হৈছে "জন্মগত ছুপাৰষ্টাৰ", যিয়ে ভৱিষ্যতে ছবিৰ জগতত খোজ দিয়াৰ সিদ্ধান্ত ল’লে উদ্যোগটোত নিজৰ নাম উজলাই তুলিবলৈ পিতৃৰ নামৰ প্ৰয়োজন নাই । সামন্থাই কয় যে, শ্বুটিঙৰ দ্বিতীয় দিনটোত আৰহাই কোনো অভিযোগ নোহোৱাকৈ ১২ ঘণ্টাৰ শ্বিফটিঙত কাম কৰিছিল আৰু নিজৰ অভিনয়েৰে সকলোকে আপ্লুত কৰি তুলিছিল (Samantha Ruth Prabhu shaakuntalam promotions) ।