অসম

assam

ETV Bharat / entertainment

ছেম মানেকশ্ব’ৰ চৰিত্ৰত দৰ্শকৰ হৃদয় চুই গ’ল বিকি কৌশলে

Sam Bahadur X reviews: ছবিগৃহত মুক্তি পালে ‘ছেম বাহাদুৰ’ । এই ছবিখনে দৰ্শকৰ পৰা ইতিবাচক সঁহাৰি লাভ কৰিছে । বিশেষকৈ বিকি কৌশলৰ অভিনয়ক যথেষ্ট প্ৰশংসা কৰা হৈছে ।

By ETV Bharat Assamese Team

Published : Dec 1, 2023, 2:05 PM IST

Sam Bahadur X reviews: Vicky Kaushal wins praise for impeccable acting skills; direction gets thumbs down
ছেম বাহাদুৰ টুইটাৰ ৰিভিউ

চিটাৰা ডেস্ক, 1 ডিচেম্বৰ: বলীউডৰ অন্যতম প্ৰতিভাৱান অভিনেতা বিকি কৌশল । বৰ্তমান অভিনেতাগৰাকী তেওঁৰ ছবি ‘ছেম বাহাদুৰ’ৰ বাবে বাতৰিৰ শিৰোনাম দখল কৰিছে । ৰণবীৰ কাপুৰৰ ‘এনিমেল’ৰ লগতে আজি চিনেমাগৃহত মুক্তি পালে বিকি কৌশল অভিনীত ছবি ছেম বাহাদুৰ ৷ এই দুয়োখন ছবি বছৰটোৰ আটাইতকৈ প্ৰত্যাশিত ছবি । এনিমেলে দৰ্শকৰ পৰা প্ৰচণ্ড সঁহাৰি লাভ কৰাৰ বিপৰীতে ‘ছেম বাহাদুৰ’কো যথেষ্ট প্ৰশংসা কৰা হৈছে । ‘ছেম বাহাদুৰ’ত বিকি কৌশলৰ অভিনয়ে দৰ্শকৰ হৃদয় চুই গৈছে । এতিয়া অনুৰাগীয়ে ছ’চিয়েল মিডিয়াত ছবিখনৰ ৰিভিউ শ্বেয়াৰ কৰিবলৈ আৰম্ভ কৰিছে । এই প্ৰতিবেদনত জানো আহক দৰ্শকে কেনে পালে ছবিখন ৷

ছ’চিয়েল মিডিয়াত ‘ছেম বাহাদুৰ’ক প্ৰশংসা কৰিলে অনুৰাগীয়ে

আজি ছবিগৃহত মুক্তি লাভ কৰিছে ‘ছেম বাহাদুৰ’ । মেঘনা গুলজাৰৰ পৰিচালনাত নিৰ্মিত এই ছবিখনে দৰ্শকৰ পৰা লগতে বহু চেলিব্ৰিটিৰ পৰাও ইতিবাচক সঁহাৰি লাভ কৰিছে । ছ’চিয়েল মিডিয়াত ছবিখনক দৰ্শকে প্ৰশংসা কৰাৰ লগতে ছবিখনক ব্লকবাষ্টাৰ বুলিও অভিহিত কৰিছে । এজন ব্যৱহাৰকাৰীয়ে লিখিছে, বহুত ভাল ! বিকি কৌশল, ডাঙৰ ব্লকবাষ্টাৰ হ’ব ।”

ছেম বাহাদুৰক প্ৰশংসা কৰি আন এজন অনুৰাগীয়ে লিখিছে, “ছেম বাহাদুৰৰ সৈতে বিকি কৌশলে বঁটা বিজয়ী অভিনয় কৰিছে ।” আন বহু ব্যৱহাৰকাৰীয়েও বিকি কৌশলৰ ছেম বাহাদুৰক প্ৰশংসা কৰিছে ।

উল্লেখ্য যে, মেঘনা গুলজাৰৰ পৰিচালনাত নিৰ্মিত ছেম বাহাদুৰ ১৯৭১ চনৰ ভাৰত-পাকিস্তান যুদ্ধৰ পটভূমিত ৰচনা কৰা হৈছে, য’ত ছেম মানেকশ্ব’ৱে ভাৰতীয় সেনাবাহিনীক নেতৃত্ব দিছিল । ইয়াৰ পিচত এটা নতুন ৰাষ্ট্ৰ বাংলাদেশৰ জন্ম হৈছিল । বিকি কৌশলৰ উপৰিও সন্যা মালহোত্ৰা, ফাতিমা সানা শ্বেইখ, গোবিন্দ নামদেৱ, মহম্মদ জীশন আয়ুব আৰু নীৰজ কবিয়ে এই ছবিখনত গুৰুত্বপূৰ্ণ চৰিত্ৰত অভিনয় কৰিছে ।

লগতে পঢ়ক:ছেম বাহাদুৰৰ প্ৰশংসাত পঞ্চমুখ বহু চেলিব্ৰিটি

ABOUT THE AUTHOR

...view details