চিটাৰা ডেস্ক, 21 এপ্ৰিল: বলীউডৰ ছুপাৰষ্টাৰ ছলমান খানৰ বহু প্ৰত্যাশিত ছবি ‘কিচি কা ভাই কিছি কি জান’ অৱশেষত ছবিগৃহ মুক্তি লাভ কৰিছে (21 এপ্ৰিল) ৷ ২০১৯ চনত ছলমান খানৰ ছবি ‘ভাৰত’ ঈদ উপলক্ষে ছবিগৃহত মুক্তি লাভ কৰিছিল ৷ ভাৰত ছবিখনৰ পিচতে এতিয়া ঈদ উপলক্ষে ছবিগৃহত মুক্তি লাভ কৰিছে কিছি কা ভাই কিছি কি জান (Salman khans kisi ka bhai kisi ki jaan) ৷
আজি ছবিগৃহত দেখা পোৱা পূজা হেগড়েৰ সৈতে ছলমান খানৰ অভিনীত ছবিখন ৷ আনহাতে দক্ষিণৰ অভিনেতা ভেংকটেশ ডাগ্গুবট্টি, ছবিখনৰ জৰিয়তে বলীউডত আত্মপ্ৰকাশ শ্বেহনাজ গীল, পলক তিৱাৰী, ৰাঘৱ জুৱাল, সিদ্ধাৰ্থ নিগমকে ধৰি জেছি গিল আৰু জগতপতি বাবুৰ দৰে অভিনেতা অভিনেত্ৰীসকলকো দেখা পোৱা যাব এই ছবিখনত । সোমবাৰে সন্ধিয়া ছবিখনৰ আগতীয়া বুকিং বিক্ৰীৰ বাবে মুকলি কৰা হয়, যাৰ ফলত ব্যৱসায়িক বিশ্লেষকসকলে ছবিখনে কেনেদৰে প্ৰদৰ্শন কৰিব সেই বিষয়ে মোটামুটি ধাৰণা লাভ কৰে (KKBKKJ to hit theatres on Friday) ।
এই ছবিখনৰ সন্দৰ্ভত পোৱা আটাইতকৈ ডাঙৰ আপডেটটো হ’ল দেশৰ ৪৫০০ ৰো অধিক পৰ্দাত আৰু বিদেশত ১২০০ ৰো অধিক পৰ্দাত প্ৰদৰ্শিত হ’ব । প্ৰতিদিনে প্ৰায় ১৬০০০ টা ছবিগৃহতখন প্ৰদৰ্শন কৰা হ’ব ‘কিছি কা ভাই কিছি কি জান’ । ভাৰতত ৪৫০০ৰো অধিক পৰ্দাত মুক্তি পোৱা ছবিখন অন্যতম বহল মুক্তি বুলি ক’ব পাৰি (KKBKKJ out now)।