চিটাৰা ডেস্ক, 26 মে’: বলীউডৰ ছুপাৰষ্টাৰ ছলমান খান বৰ্তমান আইফা ২০২৩ ৰ বাবে আবু ধাবিত আছে (IIFA 2023 in abu dhabi)। আইফা ২০২৩ ৰ বাবে ছুপাৰষ্টাৰগৰাকীৰ সৈতে যোগ দিব অভিষেক বচ্চন, বিকি কৌশল, ফাৰাহ খান আৰু ৰাজকুমাৰ ৰাওৱে । ইয়াৰ মাজতে আইফাৰ সংবাদমেলৰ পৰা ছলমান খান আৰু বিকি কৌশলৰ এটা ভিডিঅ’ ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে (Viral video of Salman and Vicky) ৷ এই ভিডিঅ’টো ভাইৰেল হোৱাৰ পিচতে অনুৰাগীয়ে ছলমান খানক সমালোচনা কৰা দেখা যায় ৷ কিন্তু ভিডিঅ’টোত আচলতে কি আছিল যাৰ বাবে অনুৰাগীয়ে ছলমান খানক সমালোচনা কৰে ? সেয়া জানিবলৈ আপুনি পঢ়িব লাগিব এই প্ৰতিবেদন ৷
কি আছিল ভাইৰেল ভিডিঅ’টোত ?
ভাইৰেল ভিডিঅ’টোত ছলমান খানে নিজৰ দেহৰক্ষীৰ সৈতে ভিতৰত প্ৰৱেশ কৰাৰ সময়ত বিকি কৌশলক এগৰাকী অনুৰাগীৰ সৈতে চেলফি লৈ থকা দেখা যায় ৷ ইয়াৰ পিচত ছলমানে লাহে লাহে ওচৰ চাপি অহাৰ লগে লগে বিকিয়ে ছলমানক সম্ভাষণ জনাবলৈ ছলমানৰ ফালে হাতখন আগবঢ়াই থকা দেখা যায় (Salman ignores Vicky kaushal at IIFA) ।
অৱশ্যে এজন নিৰাপত্তাৰক্ষীয়ে বিকিক ছুপাৰষ্টাৰগৰাকীৰ পৰা আঁতৰাই ঠেলি দিয়ে, কিয়নো ছলমানে তেওঁৰ ফালে হাতখন আগবঢ়াই নিদি মাত্ৰ এবাৰ চকু ফুৰাই আঁতৰি যায় । বিকিৰ মুখৰ ভাব স্পষ্টকৈ দেখা গৈছে ভিডিঅ’টোত (Salman bodyguard pushes Vicky) । দ্বিতীয়বাৰৰ বাবেও বিকিয়ে হাত মিলাবলৈ চেষ্টা কৰে যদিও ছলমানে আওকাণ কৰি গুচি যোৱা যেন লাগে ।