চিটাৰা ডেস্ক, 26 মে’:বৰ্তমান আবুধাবিত আছে বলীউডৰ ছুপাৰষ্টাৰ ছলমান খান । কিছুদিন পূৰ্বে ছুপাৰষ্টাৰগৰাকী ব্যস্ত হৈ আছিল তেওঁৰ আগন্তুক ছবি ‘টাইগাৰ ৩’ ৷ কিন্তু এতিয়া জানিব পৰা মতে ‘টাইগাৰ ৩’ৰ শ্বুটিং সম্পূৰ্ণ হৈছে । উল্লেখনীয় যে টাইগাৰ ছিৰিজৰ তৃতীয়খন ছিকুৱেল পৰিচালনা কৰিছে মনীষ শৰ্মাই । ৰূপালী পৰ্দাত টাইগাৰৰ চৰিত্ৰত ছলমান পুনৰবাৰ দেখিবলৈ যথেষ্ট উৎসাহিত হৈ আছে অনুৰাগীসকল (Salman Khan Upcoming film Tiger 3)।
অৱশ্যে বৰ্তমান এৱাৰ্ড শ্ব’ত অংশগ্ৰহণ কৰিবলৈ আবু ধাবিলৈ গৈছে ছলমান (Tiger 3 shooting completed) । গ্ৰেণ্ড ইভেণ্টৰ পূৰ্বে ছুপাৰষ্টাৰগৰাকীয়ে তাত থকা সংবাদ মাধ্যমৰ সৈতে মত বিনিময় কৰা দেখা পোৱা যায় । ছবিখনৰ শ্বুটিঙৰ বিষয়ে প্ৰকাশ কৰাৰ সময়ত তেওঁ কয় যে টাইগাৰ ৩ ৰ শ্বুটিং ‘ব্যস্ততাপূৰ্ণ’ । ভাইজানে জনোৱা মতে, তেওঁ বৃহস্পতিবাৰে নিশা টাইগাৰ ৩ ৰ শ্বুটিং সম্পূৰ্ণ কৰিলে। তেওঁ ক’লে, ‘ইনশ্বাল্লাহ, এই দীপাৱলীত আপুনি ‘টাইগাৰ’ চাব পাৰিব । বৰ ব্যস্ত শ্বুটিং আছিল যদিও ভাল আছিল (Tiger 3 shooting completed)।’