চিটাৰা ডেস্ক, 16 আগষ্ট: বৰ্তমান ছানী দেওলৰ একচন ড্ৰামা ছবি ‘গদৰ ২’ ছবিখনে ছবিগৃহত আলোড়নৰ সৃষ্টি কৰিছে ৷ এতিয়ালৈকে ছবিখনে ঘৰুৱা বক্স অফিচত প্ৰায় ২২৮ কোটি টকাৰ ব্যৱসায় কৰিছে। তাৰা-সাকিনাৰ যুটিটোক পুনৰ এবাৰ পৰ্দাত চাবলৈ পাই অতিকৈয়ে আনন্দিত হৈছে অনুৰাগীসকল ৷ এতিয়া অতি সোনকালে বলীউডত মুকলি হ’ব আন এক নতুন যুটি ।
এই যুটি হৈছে ৰাজশ্ৰী প্ৰডাকচনৰ ছবি ‘দোনো’ৰ জৰিয়তে বলীউডত আত্মপ্ৰকাশ কৰা ছানী দেওলৰ কনিষ্ঠ পুত্ৰ ৰাজবীৰ দেওল আৰু পুনম ধিলনৰ কন্যা পালোমাৰ । ‘দোনো’ৰ টিজাৰৰ পিচত শেহতীয়াকৈ ছবিখনৰ প্ৰথম টাইটেল ট্ৰেক মুকলি কৰিছে নিৰ্মাতাসকলে ।
ছলমান খান-ভাগ্যশ্ৰীয়ে মুক্তি দিয়ে ‘দোনো’ৰ টাইটেল ট্ৰেক
৩৪ বছৰ পূৰ্বে ছলমান খান আৰু ভাগ্যশ্ৰী দুয়োৰে কেৰিয়াৰ আৰম্ভ হৈছিল ‘মেনে প্যাৰ কিয়া’ৰ ছবিখনৰ জৰিয়তে। সেইসময়ত ছবিখন ব্লকবাষ্টাৰ হৈছিল, তেতিয়াৰে পৰাই দুয়ো হৈ পৰে অনুৰাগীৰ প্ৰিয় যুটি। ছানী দেওলৰ ‘গদৰ ২’ৰ শলাগ লোৱাৰ পাচত শেহতীয়াকৈ ছলমান খানে মুকলি কৰে ৰাজবীৰৰ প্ৰথমখন ছবি ‘দোনো’ৰ প্ৰথমটো ৰোমান্টিক ট্ৰেক ।